বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / চীনৰ ঔষধ অনাৰ মন নাই ভাৰতৰ

চীনৰ ঔষধ অনাৰ মন নাই ভাৰতৰ

তিনিখন বৃহৎ পাৰ্ক নিৰ্মাণ কৰিব ভাৰতে

বাংগালুুুুৰু,২জানুৱাৰী : ‘ভকেল ফৰ লোকেল’ এই নীতিক অনুসৰণ কৰাত গুৰুত্ব প্ৰদান কৰিছে সমগ্ৰ ভাৰতবৰ্ষই ৷ প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰতৰ অধীনত সকলোকে স্থানীয় সামগ্ৰীক প্ৰাধান্য দিবলৈ আহ্বান জনাইছে ৷ সেই অনুসৰি বিভিন্ন ঔষধ কোম্পানী সমূহে নিজাকৈ সকলো ঔষধ প্ৰস্তুতৰ সিন্ধান্ত গ্ৰহণ কৰিছে ৷

কেমিকেল আৰু ফাৰ্টিলা ইজাৰ বিভাগৰ মন্ত্ৰী ডি . ভি . সদানন্দ গৌড়াই কয় “ কেন্দ্ৰীয় চৰকাৰে তিনিখন বৃহৎ ঔষধ তথা ৰসায়ন প্ৰস্তুতকাৰী পাৰ্ক নিৰ্মাণৰ সিন্ধান্ত গ্ৰহণ কৰিছে ৷ চীনৰ পৰা বিভিন্ন ৰসায়ন তথা ঔষধ প্ৰস্তুতকাৰী সামগ্ৰী অনাৰ পৰিবৰ্তে ভাৰততে সেই সামগ্ৰী সমূহ তৈয়াৰ কৰাৰ বাবে এই পাৰ্ক তিনিখন নিৰ্মাণৰ সিন্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ”