শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ড্ৰাইৰাণ সম্পন্ন হ’ল গুৱাহাটীত

ড্ৰাইৰাণ সম্পন্ন হ’ল গুৱাহাটীত

ভেকচিনৰ প্ৰতিষেধক প্ৰদানৰ আগত আজি গুৱাহাটীত হ’ল ড্ৰাইৰাণ

গুৱাহাটী,২ জানুৱাৰী : বহুু প্ৰত্যাশিত ক’ভিড ভেকচিন দেশৰ তিনিখন ৰাজ্যত ড্ৰাইৰাণ চলোৱা কথা আছিল আৰু সেই তিনি খনৰ ভিতৰত অসমো অন্যতম৷নলবাৰী ,বঙাইগাঁৱত ইতিমধ্যে ড্ৰাইৰাণ সম্পন্ন হৈছে ৷ আজি গুৱাহাটী মেট্ৰ জিলাৰ অধীনৰ তিনিখন চিকিৎসালয়ত ড্ৰাইৰাণ চলোৱা হয় ৷

খানাপাৰা ডিছপেন্সেৰী ,সোণাপুৰ চিকিৎসালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত  আজি ড্ৰাইৰাণ সম্পন্ন হয় ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰবন্ধক ডক্টৰ লক্ষ্মণমে আজি  নিজে সমগ্ৰ অভিযানটোৰ তদাৰক কৰে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুত বৈশ্যয়ো এই অভিযানত অংশ লয় ৷

এই ড্ৰাইৰাণৰ প্ৰধান উদ্দেশ্য হৈছে ভেকচিন আহি পোৱাৰ পিছত ইয়াক যাতে কোনো অসুবিধা নোহোৱাকৈ জনসাধাৰণক দিব পৰা যায় আৰু স্বাস্থ্যকৰ্মী সকলেও যাতে পৰিস্থিতিৰ লগত খাপ খাব পাৰে তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে ৷ জিলা আৰু মণ্ডল পৰ্যায়ত এই অভিযান চলোৱা হয় আৰু ইয়াৰ পৰা হোৱা সুবিধা,অসুবিধা সম্পৰ্কত সকলো তথ্য সংগ্ৰহ কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ত দাখিল কৰা হ’ব ৷