বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / বিভীষণগিৰি কৰাতকৈ যোৱা ভাল

বিভীষণগিৰি কৰাতকৈ যোৱা ভাল

আয়াৰাম গয়াৰাম থাকেই ৰাজনীতিত ৷ কংগ্ৰেছ চিন্তিত নহয় ৷

গুৱাহাটী,২জানুৱাৰী : কংগ্ৰেছ দলত শেহতীয়াকৈ দেখা দিয়া অথন্তৰে দলটোক কোনো সংকটত নেপেলায় বুলি উল্লেখ কৰিছে প্ৰাক্তন সাংসদ তথা বৰ্তমান কংগ্ৰেছ দলৰ নেতা আৰ পি শৰ্মাই ৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ আৰু ৰাজদীপ গোৱালাই বিজেপি দলত শেহতীয়াকৈ যোগদান কৰাৰ পিছত দলটো সাংগঠনিক ভাৱে দুৰ্বল  হৈ পৰা বুলি সমালোচিত হৈ থকাৰ সময়তে বৰ্তমান দলৰ স্থিতি সম্পৰ্কত আৰ পি শৰ্মাই কয়“ যিসকলৰ দলটোত থকাৰ ইচ্ছা নাই তেওঁলোক দলটোত নথকাই ভাল৷কাৰণ থাকি বিভীষণৰ ভাও লোৱাতকৈ একেবাৰে ওলাই গৈ নতুন লোকক সেই স্থান এৰি দিয়াই ভাল ৷ ”আনহাতে,আন এগৰাকী দলৰ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই দলৰ আইটি কোষৰ সকলো দায়িত্বৰ পৰা অব্যাহতি লোৱা বিষয়টোৱেও যথেষ্ট চৰ্চা লাভ কৰিছিল ৷

এই বিষয়ে জ্যেষ্ঠ নেতা ভট্টচাৰ্যই কয়“মই মুকলি মনেৰে ৰাইজৰ সেৱা কৰিবলৈহে এই বিভাগটোৰ দায়িত্বৰ পৰা অব্যাহতি লৈছোঁ ৷ আইটি কোষত থাকিলে অত্যন্ত ব্যস্ত থাকিবলগীয়া হয়  আন কামত বা দলীয় কামত মনোনিৱেশ কৰাৰ সময় পোৱা নাযায় ৷ ” দলটো এৰি যথেষ্ট সংখ্যক লোক আন দললৈ যোৱা সম্পৰ্কত ভট্টাচাৰ্যই কয়“ দলত অয়াৰাম গয়াৰাম থাকেই,তাকলৈ চিন্তা কৰিবলগীয়া একো নাই ৷ ”কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে কয়“দলৰপৰা কোনোবা এজন ওলাই গ’লে দুখ লগাটো স্বাভাৱিক ৷ কিন্তু ৰাজনীতিত এইবোৰ স্বাভাৱিক প্ৰক্ৰিয়া ৷ ”