শনিবাৰ, ২৪ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কেন্দ্ৰীয় মন্ত্ৰী গৌড়া অসুস্থ

কেন্দ্ৰীয় মন্ত্ৰী গৌড়া অসুস্থ

গাড়ীত উঠিবলৈ লওঁতেই ঢলি পৰিল গৌড়া

বাংগালুৰু,৩জানুৱাৰী : কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ দপ্তৰৰ মন্ত্ৰী সদানন্দ গৌড়া গুৰুতৰভাৱে অসুস্থ হৈছে ৷ বাংগালুৰুৰ চিত্ৰদুৰ্গা অঞ্চলত এখন সভাত অংশ লৈ গাড়ীত উঠাৰ মুহুৰ্ততে তেওঁ ঢলি পৰে আৰু ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ মধুমেহ ৰোগত আক্ৰান্ত গৌড়াৰ ছুগাৰ লেভেল হ্ৰাস পোৱাৰ বাবে ঢলি পৰা বুলি চিকিৎসকে জানিবলৈ দিছে ৷ চিকিৎসালয়ত চিকিৎসকৰ তত্ত্বাৱধানত থকা গৌড়াৰ আশু আৰোগ্য কামনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷