শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / থৰথৰকৈ কঁপিছে প্ৰতিবাদী কৃষক

থৰথৰকৈ কঁপিছে প্ৰতিবাদী কৃষক

বৰষুণে সমস্যাত পেলাইছে কৃষকক

নতুন দিল্লী,৩ জানুৱাৰী : প্ৰতিবাদী কৃষকসকলে বিগত ডেৰ মাহ ধৰি যথেষ্ট দুখ কষ্ট,জ্বালা যন্ত্ৰণাৰ মাজেদি অতিবাহিত কৰাৰ পিছত শেহতীয়াকৈ যেন প্ৰকৃতিৰ ৰোষতো পৰিছে ৷ কালিৰ পৰা  দেশৰ ৰাজধানী চহৰৰ লগতে ইয়াৰ সীমান্তবৰ্তী অঞ্চলত হোৱা প্ৰবল বৃষ্টিপাতৰ বাবে প্ৰতিবাদী কৃষকসকল ঘাইকে জ্যেষ্ঠ নাগৰিক,মহিলাসকল আৰু শিশুসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৷

তেওঁলোকে প্ৰতিবাদস্থলীত বনাই লোৱা টেণ্ট,শীত নিৰাময়ৰ বাবে অনা কম্বল সকলো তিতি যোৱাৰ ফলত অসহ্য ঠাণ্ডাত  সময় পাৰ কৰিবলগীয়া হৈছে ৷ ভাৰতীয় কিষাণ ইউনিয়নৰ মুখ্য মুখপাত্ৰ ৰাকেশ টিকায়েটে কয় “বৰষুণে কৃষকসকলক যথেষ্ট সমস্যাত পেলাইছে ৷ গতিকে যিসকল কৃষকে গাজীপুৰ সীমান্তলৈ আহে,তেওঁলোকে যাতে লগত পলিথিন,তাৰ্পুলিন লৈহে আহে কিয়নো ট্ৰেক্টৰ বোৰ তিতি যোৱাৰ ফলত তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ ”এজন প্ৰতিবাদী কৃষকে কয় যে কৃষক আৰু বৰষুণ দুয়োটাৰে ঐশ্বৰিক শক্তি আছে,গতিকে কৃষকসকল সুৰক্ষিত হৈ থাকিব ৷