মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বৃটিছৰ পৰা অধিকাৰ কঢ়াৰ দৰেই কাঢ়িব কৃষকে !

বৃটিছৰ পৰা অধিকাৰ কঢ়াৰ দৰেই কাঢ়িব কৃষকে !

চম্পাৰণৰ কৃষকৰ দৰেই আজিৰ কৃষক

নতুন দিল্লী,৩ জানুৱাৰী : দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে প্ৰথমৰ পৰাই কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰোধিতা কৰি আহিছে ৷ আজি দলৰ নেতা ৰাহুল গান্ধীয়ে প্ৰতিবাদী কৃষকসকলক চম্পাৰণ আন্দোলনৰ প্ৰতিবাদকাৰী হিচাপে আখ্যা দিছে ৷ বৃটিছসকলৰ বিৰোধিতা কৰি বিদ্ৰোহী সংগ্ৰামী সকলে চম্পাৰণ আন্দোলনত অংশ লৈছিল ৷ চম্পাৰণৰ অংশগ্ৰহণকাৰীয়ে বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা নিজৰ অধিকাৰ কাঢ়ি আনিবলৈ সক্ষম হৈছিল আৰু ঠিক সেইদৰে বৰ্তমানৰ প্ৰতিবাদী কৃষকেও নিজৰ অধিকাৰ মোডী নেতৃত্বাধীন ‘ কোম্পানী’ৰ কৱলৰপৰা মুক্ত কৰি আনিবলৈ তেওঁলোকৰ সংগ্ৰাম অধিক শক্তিশালী কৰি তুলিব ৷

এতিয়া কৃষকৰ প্ৰতিবাদত অংশ গ্ৰহণ কৰা প্ৰতিগৰাকী কৃষকেই চম্পাৰণৰ প্ৰতিবাদকাৰী বুলি উল্লেখ কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷ উল্লেখযোগ্য যে ১৯১৭ চনত মহাত্মা গান্ধীৰ নেতৃত্বত বিহাৰৰ চম্পাৰণত কৃষকসকলে বৃটিছৰ বিৰুদ্ধে এই প্ৰতিবাদ গঢ়ি তুলিছিল ৷ গুৰুত্বপূৰ্ণ বিষয় এইয়ে যে কৃষকৰ লগত চৰকাৰৰ ৬ খন বৈঠক অনুষ্ঠিত হৈছিল যদিও মূল বিষয়কেইটাৰ ক্ষেত্ৰত দুয়োপক্ষ কোনো সমাধান সূত্ৰত উপনীত হ’ব পৰা নাই ৷ তিনিখন কৃষি আইনে কৃষকৰ উপকাৰ সাধন কৰিব বুলি কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে কৃষকক পতিয়ন নিয়াবলৈ চেষ্টা কৰি আহিছে যদিও কৃষকসকল কিন্তু নিজৰ দাবী স্পষ্ট কৰি দিছে ৷ কৃষকসকলৰ মতে এই নতুন কৃষি আইন বলবৎ হ’লে তেওঁলোকে নিজৰ ভৃমিৰ ওপৰত অধিকাৰ হেৰুওৱাব আৰু বৃহৎ পুঁজিপতিৰ আঙুলিৰ ঠাৰত তেওঁলোকে উঠাবহা কৰিব লাগিব ৷