সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Business  / Region  / শত্ৰু হ’লেও দূৰদৰ্শন চাই পাকিস্তানীয়ে

শত্ৰু হ’লেও দূৰদৰ্শন চাই পাকিস্তানীয়ে

দূৰদৰ্শনৰ দৰ্শক পাকিস্তানতহে বেছি

নতুন দিল্লী,৩জানুৱাৰী : তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ এক সূত্ৰই প্ৰকাশ কৰিছে যে প্ৰসাৰ ভাৰতী আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ সকলোতকৈ বেছি দৰ্শক আৰু শ্ৰোতা আছে পাকিস্তানত ৷ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সূত্ৰই কয় “ ভাৰতৰ বাহিৰত প্ৰসাৰ ভাৰতী আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ দ্বিতীয় সৰ্বোচ্চ দৰ্শক আৰু শ্ৰোতা আছে পাকিস্তানত ৷” প্ৰসাৰ ভাৰতীৰ ডিডি চেনেলে যথেষ্ট সংখ্যাক দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ দৰ্শক বৃদ্ধিৰ হাৰ ১০০% ই হৈছে ৷ যিটো অত্যন্ত সুখৰ খবৰ ৷