শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / স্কুটী পালে নগঞা যুৱতীয়ে

স্কুটী পালে নগঞা যুৱতীয়ে

নগাঁৱত ১৯০৯ গৰাকী কৃতী ছাত্ৰীক ড: বাণীকান্ত কাকতি বটা প্ৰদান

নগাঁও, ৩ জানুৱাৰী : “ শিক্ষাৰ প্ৰভাৱ নপৰা অঞ্চলত কু-সংস্কাৰে গা কৰি উঠে। যি অঞ্চলত শিক্ষিত লোকৰ সংখ্যা নগণ্য তেনেবোৰ অঞ্চলতে সাধাৰণতে ডাইনী হত্যাৰ লগতে বিভিন্ন অন্ধবিশ্বাসৰ দৰে ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। সেয়ে এনেবোৰ অঞ্চলত শিক্ষাৰ প্ৰসাৰ হোৱাটো খুবেই প্ৰয়োজন। শিক্ষা নথকা এজন ব্যক্তিয়ে পৃথিৱীত অন্ধ ব্যক্তিৰ দৰে জীয়াই থাকিব লাগিব। শিক্ষাৰ দ্বাৰাহে সমাজত পৰিৱৰ্তন সম্ভৱ হয় ”-এই মন্তব্য অসম চৰকাৰৰ নগৰ উন্নয়ন আৰু স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।

আজি নগাঁও চহৰৰ নেহৰুৱালিত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা জিলাখনৰ মেধাৱী ছাত্ৰী সকলক ” ড : বাণীকান্ত কাকতি মেধা বঁটা ২০২০ৰ ” অধীনত স্কুটী প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি লগতে আঁচনিখনৰ সম্পৰ্কত কয় যে মেধা ছাত্ৰী সকলক স্কুটী প্ৰদানৰ আঁচনিখন অবিস্মৰণীয় আঁচনি হিচাপে চিহ্নিত হৈ ৰব। পূৰ্বতে কোনো চৰকাৰে এনে আ‌ঁচনি গ্ৰহণ কৰা নাছিল। কৃতী ছাত্ৰী সকলক স্কুটী প্ৰদান আমাৰ চৰকাৰৰ মহিলা সবলীকৰণৰ এক অন্যতম পদক্ষেপ।

এই আঁচনিৰ জৰিয়তে ছাত্ৰী সকলে শিক্ষাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা লাভ কৰিব আৰু ভৱিষ্যতে আহিবলগীয়া দিন সমূহত ছাত্ৰী সকলে নতুন উদ্যমৰে অধ্যয়নত ব্ৰতী হ’ব। তেওঁ লগতে কয় যে শিক্ষাই আমাক সকলোকে সঠিক দিশ প্ৰদান কৰাত সহায় কৰে। সেয়েহে আমি সকলোৱে একাগ্ৰতা আৰু কঠোৰ শ্ৰমৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰি নিজৰ লগতে দেশ আৰু সমাজখনক আগবঢ়াই লৈ যাব লাগিব।”

অনুষ্ঠানত উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই  কয় “ এই আঁচনি খন এক অভিলাষী আঁচনি। মেধা ছাত্ৰী সকলক স্কুটী প্ৰদানৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু শিক্ষামন্ত্ৰী ড : হিমন্ত বিশ্ব শৰ্মাক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াৰ জৰিয়তে নাৰী সৱলীকৰণত এক নতুন মাত্ৰা প্ৰদান কৰিব আৰু আমাৰ ছাত্ৰী সকল বৰ্তমান সময়ত এই বিজ্ঞান – প্ৰযুক্তিৰ দিনত আগুৱাই যোৱাত সহায়ক হ’ব আৰু আহি থকা অনাগত দিনসমূহত ছাত্ৰী সকলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আৰু অধিক অনুপ্ৰেৰণা পাব।”

আজিৰ এই অনুষ্ঠানত প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই , জিলা উন্নয়ন আয়ুক্ত হেমন্ত ভূঞা , নগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড : শৰৎ বৰকটকী,বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথকে প্ৰমূখ্য কৰি শিক্ষা বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে। উল্লেখযোগ্য যে আজি নগাঁও জিলাৰ ১৯০৯ গৰাকী ছাত্ৰীয়ে চলিত বৰ্ষৰ “ড:বাণীকান্ত কাকতি মেধা বঁটাৰ ” স্কুটী লাভ কৰিবলৈ সক্ষম হয়।