সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ১১ জন শ্ৰমিকক হত্যা

১১ জন শ্ৰমিকক হত্যা

অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু শ্ৰমিকৰ

ইছলামাবাদ,৩ জানুৱাৰী : পাকিস্তানৰ দক্ষিণ পশ্চিম অংশৰ বেলুচিস্তান প্ৰদেশত অচিনাক্ত বন্দুকধাৰীয়ে আজি ১১ জন কয়লা খনিৰ শ্ৰমিকক অপহৰণ কৰি নি হত্যা কৰে ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুুসৰি পুৱা কয়লাখনিলৈ কামৰ বাবে গৈ থকা সময়ত অচিনাক্ত বন্দুকধাৰীয়ে উঠাই লৈ গৈছিল আৰু নিকটবৰ্ত্তী পাহাৰৰ ওপৰলৈ নি শ্ৰমিক কেইজনক গুলীয়াই হত্যা কৰিছিল ৷ সূত্ৰটোৱে লগতে প্ৰকাশ কৰে যে এই গুলীবৰ্ষণত ৬ জন শ্ৰমিকৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু আন ৫ জনে চিকিৎসালয়ত মৃত্যুক সাৱটি লয় ৷ ঘটনাস্থলীত আৰক্ষী আৰু সেনাই অভিযান আৰম্ভ কৰিছে ৷