বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / চৰাইদেউ মৈদাম হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ!

চৰাইদেউ মৈদাম হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ!

চৰাইদেউ প্ৰত্নতাত্ত্বিক স্থানৰ আন্তঃগাঠনি আৰু উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন,

এই প্ৰতিবেদন অভিজিৎ ভূঞাৰ চৰাইদেউ, ৪ জানুৱাৰী : “চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে বিশেষজ্ঞ সমিতিৰ লগতো আলোচনা অব্যাহত ৰখা হৈছে। চৰাইদেউ মৈদাম ক্ষেত্ৰৰ আন্তঃগাঠনি উন্নয়ন তথা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰা হৈছে”- এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।


 উল্লেখ্য যে, অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা (প্ৰত্নতত্ত্ব আৰু পুথিভঁৰাল), জলসম্পদ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি চৰাইদেউ মৈদাম প্ৰাংগনত ২৫ কোটি টকা ব্যয়সাপেক্ষ  চৰাইদেউ প্ৰত্নতাত্ত্বিক স্থানৰ আন্তঃগাঠনি আৰু উন্নয়নমূলক আঁচনিৰ কামৰ আধাৰশিলা স্থাপন কৰে।


এই আধাৰশিলা স্থাপন অনুষ্ঠান উপলক্ষে চৰাইদেউ মৈদাম প্ৰাংগনত অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয় আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত এক সভা অনুষ্ঠিত হৈ যায়।
উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগন্তুক ২ বছৰৰ ভিতৰত চৰাইদেউ প্ৰত্নতাত্ত্বিক স্থানক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান নিশ্চিত কৰাৰ বাবে বিজ্ঞানসন্মত ভাৱে দচিয়াৰ প্ৰস্তুত কৰাকে আদি কৰি অন্যান্য  প্ৰয়োজনীয়  কামসমূহ সম্পন্ন কৰাৰ কথা উল্লেখ কৰে।
ইয়াৰ উপৰিও অসম চৰকাৰে চৰাইদেউ প্ৰত্নতাত্ত্বিক স্থানৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত থকা মৈদাম আৰু অন্যান্য প্ৰত্নতাত্ত্বিক স্থানসমূহ সংৰক্ষণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।


ভাষণ প্ৰসংগত মন্ত্ৰী ড° শৰ্মাই ঐতিহাসিক টিপাম, হাবোঙৰ লগতে আলাবৈ ৰণৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে অসম চৰকাৰে লোৱা উন্নয়নমূলক আচঁনিৰ কথা উল্লেখ কৰে।
ইয়াৰ আগেয়ে আজিৰ অনুষ্ঠানৰ মুখ্য আয়োজক তথা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা (প্ৰত্নতত্ত্ব আৰু পুথিভঁৰাল), জলসম্পদ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি বিভাগৰ মাননীয় মন্ত্ৰী কেশৱ মহন্তই ভাষণ প্ৰসংগত ২৫ কোটি টকা ব্যয়ৰে আগন্তুক দিনত চৰাইদেউ মৈদামৰ আন্তঃগাঠনি উন্নয়নৰ বিভিন্ন কামৰ পৰিকল্পনাৰ বিষয়ে কয়।
আজিৰ অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড° দিপীৰেখা কুলিয়ে।
উল্লেখযোগ্য যে আজি আধাৰশিলা স্থাপন কৰা ২৫ কোটি টকা ব্যয়ৰে কৰিবলগীয়া কামসমূহৰ ভিতৰত আছে চৰাইদেউ মৈদাম সমূহৰ ৰক্ষণাবেক্ষন, উন্নয়ন, জনসেৱা, পূৰাতাত্ত্বিক বাগিচা, মৈদাম সমূহৰ সংৰক্ষণ, জৰীপ, সজাগতা সভা, ছেমিনাৰ আদিৰ লগতে অন্যান্য উন্নয়নমূলক কৰ্মসূচী।


আধাৰশিলা অনুষ্ঠানত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰিও অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আৰু লোকনিৰ্মাণ (ৰাজ্যিক) বিভাগৰ মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সোণাৰি বিধানসভা সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
আজিৰ আধাৰশিলা অনুষ্ঠানৰ পিছত মন্ত্ৰী ড° শৰ্মাই অসম চৰকাৰৰ অনিৰ্ধাৰিত পুঁজিৰ দ্বাৰা ঐতিহাসিক ধোদৰ আলিৰ কাষত নিৰ্মাণ কৰা চৰাইদেউ পৰ্যটন ভৱনটোৰ শুভ উদ্বোধন কৰে।
উক্ত চৰাইদেউ পৰ্যটন ভৱন উদ্বোধন অনুষ্ঠানতে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চলিত মাহৰ শেষত নতুবা অহা ফ্ৰেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত ৫০০ কোটি টকা ব্যয়েৰে চৰাইদেউ জিলাৰ সোণাৰিত চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।