বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ছনুৰ ‘কিষাণ’

ছনুৰ ‘কিষাণ’

'দৰিদ্ৰৰ ভগৱান' ছনুৰ নতুন ফিল্মৰ নাম ঘোষণা

মুম্বাই,৪ জানুৱাৰী : অভিনেতা ছনু চুডে তেওঁৰ নতুনকৈ মুক্তি পাবলগীয়া চলচ্চিত্ৰ ‘কিষাণ’ৰ নাম ঘোষণা কৰে ৷ মেগাষ্টাৰ অমতাভ বচ্চনে ছনু চুডৰ চলচ্চিত্ৰখনৰ নাম ঘোষণা কৰি তেওঁক শুভেচ্ছা জনায়৷ছনু চুড বলিউডৰ এনে এগৰাকী অভিনেতা যিয়ে লকডাউনৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকক ঘৰলৈ উভতি যোৱাত সহায় কৰিছিল ৷ আনকি বৰ্তমান দিল্লীৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলকো তেওঁ খাদ্য,পানী আদিৰ যোগান ধৰি আহিছে ৷

অভিনেতা গৰাকীয়ে সমাজৰ দৰিদ্ৰ ,নিপীড়িত জনক সহায় কৰি সদায়ে প্ৰশংসিত হৈ আহিছে ৷ তেওঁৰ নতুনকৈ মুক্তি পাবলগীয়া চলচ্চিত্ৰ ‘কিষাণ’ৰ প্ৰযোজক ৰাজ শান্দিল্য ৷ আয়ুস্মান খুৰানাৰ ‘ড্ৰীম গাৰ্ল’ চলচ্চিত্ৰখনৰ প্ৰযোজকো আছিল এই ৰাজ শান্দিল্য ৷ চলচ্চিত্ৰখনৰ কাহিনীৰ বিষয়ে সবিশেষ এতিয়ালৈকে জানিব পৰা নাই ৷ উল্লেখযোগ্য যে দৰিদ্ৰ তথা বঞ্চিত লোকক সহায়ৰ হাত আগবঢ়াবলৈ ছনুৱে তেওঁৰ জুহুত থকা ৬ টা বিলাসী ফ্লেট আৰু দুটা বৃহৎ শ্বপিং কমপ্লেক্স বন্ধকত দি ১০ কোটি টকাৰ ঋণ লৈছে ৷