শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / দীপৰ বিলত মাছ মাৰিবই !

দীপৰ বিলত মাছ মাৰিবই !

কোনো নিষেধাজ্ঞা নামানে মৎস্যজীৱিয়ে ৷

এই প্ৰতিবেদন হিৰণ্য বৰ্মনৰ ৷ গুৱাহাটী,৪ জানুৱাৰী : জিলা প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো কিন্তু দীপৰ বিলত মৎস্য চিকাৰ বন্ধ হোৱা নাই ৷ স্থানীয় লোকে তাত ৰৌ,বৰালি আদি বিভিন্ন প্ৰজাতিৰ মাছ ধৰা কাৰ্য অব্যাহত ৰাখিছে ৷ স্থানীয় জনসাধাৰণৰ মতে তেওঁলোকে সেই অঞ্চলত যুগ যুগ ধৰি মৎস্য চিকাৰ কৰি আহিছে আৰু পৃথিৱীৰ কোনো শক্তিয়ে তেওঁলোকক এই কাৰ্যৰ পৰা বিৰত কৰাব নোৱাৰে ৷ চৰকাৰে মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো তেওঁলোকে কিয় মাছ ধৰিছে বুলি সোধা প্ৰশ্নৰ উত্তৰত মাছমৰীয়াজনে কয় যে তেওঁলোকে মাছ ধৰিয়েই জীৱিকা নিৰ্বাহ কৰি আছে ,যদি বন্ধ কৰিব লাগে তেন্তে তেওঁলোকক চৰকাৰে বিকল্প এটা জীৱিকাৰ পথ ওলিয়াই দিব লাগিব ৷“

দীপৰ বিলে আমাক জীৱিকাৰ পথ দিছে ৷ যুগ যুগ ধৰি আমি এই কাম কৰি আহিছোঁ ৷ আজি আমি হঠাতে এই কাম বন্ধ কৰিলে কি কৰি খাম ? আমাক বিকল্প পথ দিয়ক তেতিয়া আমি বেলেগ কাম কৰিম”- এনেদৰে কয় এজন মাছমৰীয়াই ৷ স্থানীয় বাসিন্দাই পুৱাৰ পৰাই তাত মাছ মৰা আৰম্ভ কৰে ৷ আৰক্ষীয়ে লাউডস্পীকাৰত মাছমৰীয়া সকলক আঁতৰি যাবলৈ কয় যদিও কোনো ভ্ৰূক্ষেপ নকৰে এই লোকসকলে ৷ দীপৰ বিলৰ আশেপাশে পাঁচজনতকৈ অধিক লোক সমবেত হোৱাত বাধা আৰোপ কৰা হৈছে ৷ ১৪৪ ধাৰা জাৰি কৰা হৈছে সমগ্ৰ অঞ্চলটোত ৷ ডিচিপি নৱনীত মহন্তই কয়“ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট অনুসৰি ইয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ এনেদৰে মাছ মৰা কাৰ্যই অঞ্চলটোৰ জৈৱবৈচিত্ৰত প্ৰভাৱ পেলাব ৷”