বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / দুধৰ্ষ অপৰাধী কৰায়ত্ত

দুধৰ্ষ অপৰাধী কৰায়ত্ত

২৬ টাকৈ হত্যাকাণ্ডৰ লগত জড়িত অপৰাধীটো

নতুন দিল্লী,৪জানুৱাৰী : আজি দিল্লী আৰক্ষীয়ে বিহাৰ আৰক্ষীৰ সহযোগত এজন দুধৰ্ষ অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৷ ২৬ টাকৈ হত্যাকাণ্ডৰ লগত জড়িত আদিত্য তিৱাৰী নামৰ যুৱকজনৰ ঘৰ বিহাৰৰ গোপালগঞ্জত ৷

হত্যাৰ ভাবুকি,অপহৰণ,ধন দাবী,ডকাইতি আদি বিভিন্ন অপৰাধমূলক গোচৰত অভিযুক্ত আদিত্যক বিগত এক বছৰ ধৰি বিহাৰ আৰক্ষীয়ে বিচাৰি বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছিল ৷ আজি এক গোপন সূত্ৰৰ পম খেদি  এই অপৰাধীটোক আৰক্ষীৰ বিশেষ শাখাই কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ অপৰাধীটোৰ বিৰুদ্ধে আৰু দহটা নতুন গোচৰ ৰুজু হৈ আছে ৷