সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আৰু ১০ দিন ৰওক !

আৰু ১০ দিন ৰওক !

কাগজ পাতিৰ কাম হ’লেই ভেকচিন পঠিয়াব কোম্পানীয়ে

নতুন দিল্লী,৫জানুৱাৰী : অনাগত ১০ দিনৰ ভিতৰত ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিব পৰা যাব বুলি আজি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ৷ সমগ্ৰ দেশত ড্ৰাই ৰাণ সফলতাৰে সম্পন্ন হোৱাৰ পিছত আজি এই তথ্য প্ৰকাশ কৰা হৈছে ৷ উল্লেখযোগ্য যে ভাৰতত এতিয়ালৈকে দুটা ভেকচিন নিজাববীয়াকৈ প্ৰস্তুত কৰা হৈছে ৷ অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু পুনেৰ ছিৰাম ইনষ্টিটিউটৰ সহযোগত প্ৰস্তুত কৰা ভেকচিন বিধৰ নাম হ’ল কভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত কৰা ভেকচিন বিধ হ’ল কভাক্সিন ৷

আনহাতে, বৃটেইনত আৰম্ভ হোৱা নতুন বৃটেইত এতিয়ালৈকে ৫৮ জন লোক ভাৰতত আক্ৰান্ত হৈছে ৷ ছিৰাম ইনষ্টিটিউটৰ আদাৰ পুনৱালাই কয় “ আমাৰ মুঠ ৫০ মিলিয়ন ডজ ভেকচিন প্ৰয়োগৰ বাবে সাজু ৷ আমাৰ চৰকাৰৰ লগত কিছু চূড়ান্ত পৰ্যায়ৰ এগ্ৰীমেণ্টৰ কাম বাকী আছে ৷ সেইখিনি অহা এক সপ্তাহ বা দহ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব ৷ আমাক চৰকাৰে য’লৈকে পঠিয়াবলৈ কয় তালৈকে আমি পঠিয়াবলৈ সাজু আছোঁ ৷”