বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / উজনিত ‘বুজনি’য়ে কাম দিয়া নাই !

উজনিত ‘বুজনি’য়ে কাম দিয়া নাই !

বিজেপিৰ তৃণমূল পৰ্য্যায়ত খহনীয়া আৰম্ভ

চৰাইদেউ, ৫ জানুৱাৰী : অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে ৰাজনৈতিক দল সমূহৰ কুচ-কাৱাজ। শাসনাধিষ্ঠ বিজেপি-অগপৰ লগতে বিৰোধী কংগ্ৰেছ তথা অন্যান্য ৰাজনৈতিক দলসমূহে ইতিমধ্যে ঠায়ে ঠায়ে সাংগঠনিক সভা অনুষ্ঠিত কৰি দলটোৰ কৰ্মীসকলৰ মাজত মনোবল বৃদ্ধিত উঠি পৰি লগা পৰিলক্ষিত হৈছে। পিছপৰি ৰোৱা নাই নতুনকৈ গঠন হোৱা  অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল। দুয়োটা দলে ইতিমধ্যে নিজৰ নিজৰ সমিতি গঠন প্ৰক্ৰিয়াত গুৰুত্ব দিয়াৰ লগতে সদস্য ভৰ্তি অভিযান অব্যাহত ৰাখিছে। ইফালে চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিত বিজেপি দলত আৰম্ভ হৈছে খহনীয়াৰ। মাহমৰাত শাসকীয় বিজেপি দলৰ দূৰ্গ কঁপাই শেহতীয়াকৈ শতাধিক লোকে এখন পঞ্চায়ত পৰ্যায়ৰ সভাত অসম জাতীয় পৰিষদত যোগদান কৰিলে। তাৎপৰ্যপূৰ্ণভাৱে সেই সভাখনতে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক লোকনিৰ্মাণ তথা ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনৰ অতি ঘনিষ্ঠ বুলি পৰিচিত বিজেপিৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ সম্পাদক গৰাকীয়ে অসম জাতীয় পৰিষদ দলত যোগদান কৰে। মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে বিজেপি দলৰ কাম-কাজত অসন্তুষ্ট হৈ বিজেপি দলৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ সম্পাদক পদৰ লগতে প্ৰাথমিক সদস্য পদৰপৰাও ত্যাগ কৰিছিল এসময়ৰ ছাত্ৰ নেতা বিপুল কুমাৰ ফুকনে।

আনহাতে ,এই সভাখনতে কংগ্ৰেছ, অগপকে ধৰি কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ কৰ্মকৰ্তাৰ লগতে অসম আন্দোলনৰ সক্ৰিয় নেতা জীতেন বেজবৰুৱাকে ধৰি শতাধিকে  অসম জাতীয় পৰিষদত যোগদান কৰি মাহমৰা সমষ্টিত জাতীয়তাবাদৰ ধ্বজ্জা উৰুৱাৰ সংকল্প লয়। ইপিনে বিজেপি দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰা প্ৰাক্তন ছাত্ৰ নেতা বিপুল ফুকনে কয়, “বিজেপি দলে যি প্ৰতিশ্ৰুতি দি শাসনৰ গাদীত অধিষ্ঠিত হ’ল সেই প্ৰতিশ্ৰুতি এতিয়া অসাৰ হ’ল। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনৰ দিনত নিবনুৱাক সংস্থাপনৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাবোৰত দুৰ্নীতি সংঘটিত হৈছে। জাতি-মাটিৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত “জয় আই অসম” ধ্বনি দিবলৈও কণ্ঠৰূদ্ধ হৈ পৰিছে সকলোৰে। জাতিৰ স্বাৰ্থত মাত মাতিলেই ৰঙাঘৰলৈ যাব লগীয়া হয় তেজাল ডেকা। তেনে স্থলত কোনো স্বাভিমানী অসমীয়াই বিজেপি দলত থাকিব নোৱাৰে। জাতীয়তাবাদৰ নামত সুবিধাবাদ আমাৰ কাম্য নহয়। কিন্তু জাতিৰ স্বাৰ্থত ৰাষ্ট্ৰীয়তাবাদী বিজেপি, কংগ্ৰেছৰ লগতে সাম্প্ৰদায়িক এআইইউডিএফ, সুবিধাবাদী অগপক অসমৰ পৰা উফৰাই পেলাবই লাগিব ৷ ” ইফালে অতি শীঘ্ৰে মাহমৰা সমষ্টিত বিজেপি দলৰ পৰা আৰু বহু নেতা-কৰ্মীয়ে দলত্যাগ কৰা সম্ভাৱনা আছে বুলিও জানিবলৈ দিছে দলত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰা বিপুল কুমাৰ ফুকনে।