মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / উদক ভেটাৰখীয়া পতাৰ ফলত গঁড় হত্যা !

উদক ভেটাৰখীয়া পতাৰ ফলত গঁড় হত্যা !

একেৰাহে দুটা বছৰ গঁড় হত্যা ৰোধত সফল নগাঁৱৰ আৰক্ষী

নগাঁও, ৫ জানুৱাৰী :  বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ চৰকাৰখনে ৰোধ কৰিব নোৱাৰা ধাৰাবাহিক গঁড় হত্যাক নিৰ্বাচনী ইছ্যু হিচাপে লৈছিল বৰ্তমানৰ শাসকীয় দল বিজেপিয়ে। তেতিয়া বনমন্ত্ৰীৰ দায়িত্বত থকা বৰ্তমানৰ চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ কাৰ্যকালত ব্যাপক হাৰত হোৱা গঁড় হত্যাই ক্ষোভিত কৰি তুলিছিল অসমৰ ৰাইজক। চোৰাং চিকাৰীয়ে নিৰ্মম ভাৱে ব্যাপক হাৰত এশিঙীয়া গঁড় হত্যা কৰি কাটি নিছিল খৰ্গ। ২০১১চনৰ পৰা ২০১৮ চনলৈকে মুঠ ৬৪টা গঁড় হত্যা কৰা হৈছিল নগাঁও জিলাৰ অধীনস্থ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ আৰু বাগৰি ৰেঞ্জত। ইয়াৰে প্ৰায় অৰ্ধশতাধিক গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ কাৰ্যকালত।

কংগ্ৰেছ চৰকাৰকঠোৰ হাতেৰে চোৰাংচিকাৰীক দমন কৰাৰ বাবে নিৰ্দেশ দিছিল। শেহতীয়াভাৱে ৰাজ্যবাসীৰ বাবে ভাল খবৰটো হৈছে একেৰাহে দুটা বছৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত তথা নগাঁও জিলাৰ অধীনস্থ বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জত এটাও গঁড় হত্যা কৰিব পৰা নাই চোৰাং চিকাৰীয়ে । নগাঁও আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু জখলাবন্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে দেখুওৱা তৎপৰতাৰ বাবেই বৰ্তমান নগাঁও আৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে লাভ কৰিছে বৃহৎ সফলতা।

উল্লেখযোগ্য যে, ২০১৮চনৰে পৰা নগাঁও আৰক্ষীয়ে চোৰাংচিকাৰীৰ বিৰুদ্ধে চলাইছিল বহু সফল অভিযান। তেতিয়াৰ নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধি আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুল দাসৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছিল বহু অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ। ৰিপুল দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নাগালেণ্ডৰ পৰাও গ্ৰেপ্তাৰ কৰিছিল কাজিৰঙাত গঁড় হত্যাৰ বাবে অহা মণিপুৰৰ কেইবাজনো দুধৰ্ষ চিকাৰীক। জখলাবন্ধা আৰক্ষী থানাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত বিষয়া দেবেন বৰাইয়ো অভিযান চলাই বহু চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে কেইবাজনো চোৰাংচিকাৰীক সমুখ-সমৰত গুলীয়াই হত্যা কৰিছিল।

ইয়াৰ পিছত জখলাবন্ধা আৰক্ষী থানাৰ দায়িত্ব লোৱা নিপু কলিতায়ো কেইবাজনো চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছিল। সেয়ে ২০১৯বৰ্ষত প্ৰথমবাৰৰ বাবে এটাও গঁড় হত্যা নোহোৱাকৈ পাৰ হৈছিল। সেই সময়তো কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়াৰ দায়িত্বত আছিল মৃন্ময় দাস। মৃন্ময় দাস আৰু নিপু কলিতাৰ দৰে আৰক্ষী বিষয়াই নিষ্ঠাৰে দায়িত্ব পালন কৰাৰ বাবেই নগাঁও আৰক্ষীয়ে এই সফলতা অৰ্জন কৰা বুলিও সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱে।

বৰ্তমানৰ চৰকাৰখনে দায়িত্ব গ্ৰহণ কৰিয়েই কাজিৰঙাৰ বান্দৰডুবি আৰু দেওচাৰচুঙত চলোৱা উচ্ছেদ অভিযানৰ পিছতে  আশ্বৰ্যজনকভাৱে হ্ৰাস পাইছিল গঁড় হত্যা। কাৰণ এই দুখন গাঁৱত সন্দেহযুক্ত নাগৰিকে চোৰাংচিকাৰীক আশ্ৰয় প্ৰদান কৰাৰ অভিযোগ বহু দিনৰে পৰা আছিল। অবৈধভাৱে কাজিৰঙাৰ ভূমি বেদখল কৰা এই দুখন গাঁৱৰ সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰাৰ পিচতে চোৰাং চিকাৰী আশ্ৰয়হীন হৈছিল। ফলশ্ৰুতিত কাজিৰঙাৰ এশিঙীয়া গঁড় হত্যা সন্তোষজনক ভাৱে হ্ৰাস পাইছে ।