সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / জনছন নাহে

জনছন নাহে

বৃটেইনৰ কঠোৰ লকডাউনৰ বাবে নাহে জনছন

লণ্ডন,৫জানুৱাৰী- : বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে তেওঁৰ ভাৰত ভ্ৰমণৰ কাৰ্যসূচী বাতিল কৰিছে ৷ উল্লেখযোগ্য যে বৃটেইনৰ প্ৰধানমন্ত্ৰীগৰাকী অহা ২৬ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীৰ মুখ্য অতিথি আছিল ৷ বৃটেইনত নতুনকৈ দেখা দিয়া ক’ভিডৰ ভয়াবহ সংক্ৰমণৰ বাবে তেওঁ এই ভ্ৰমণ কাৰ্যসূচী বাতিল কৰে ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সূত্ৰত প্ৰকাশ যে বৰিছ জনছনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টেলিফোন যোগে যোগাযোগ কৰি আগন্তুক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰাৰ বিষয়টো অৱগত কৰাৰ লগতে তেওঁৰ ভ্ৰমণ বাতিল কৰিবলগীয়াৰ কথাটোত দুখ প্ৰকাশ কৰে ৷

কালি ৰাতিৰ পৰা বৃটেইনত কঠোৰভাৱে লকডাউন বলবৎ কৰা হৈছে আৰু এই লকডাউন অহা ফেব্ৰুৱাৰী মাহলৈকে বলবৎ থাকিব ৷ এই সময়ছোৱাত দেশখনৰ সকলো শিক্ষা প্ৰতিষ্ঠান,কাৰ্যালয় আদি বন্ধ থাকিব ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় “ প্ৰথম অৱস্থাত অৰ্থাৎ ২০২০ চনৰ প্ৰথম পৰ্যায়ৰ ক’ভিড সংক্ৰমণৰ তুলনাত এইবাৰ অধিক লোক সংক্ৰমিত হৈছে ৷ এতিয়ালৈকে মুঠ ২৭ হাজাৰ লোক সংক্ৰমিত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ সেয়ে এই বিপদৰ সময়ত তেওঁ দেশত থকাতো জৰুৰী হিচাপে বিবেচিত হৈছে ৷”