বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / টাৱাৰ ভঙাৰ অপৰাধত জাননী

টাৱাৰ ভঙাৰ অপৰাধত জাননী

১৫০০টাৱা ভাঙিলে প্ৰতিবাদীয়ে

চণ্ডীগড়,৪৫ জানুৱাৰী : পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে পঞ্জাৱ চৰকাৰলৈ ৰিলায়েন্স জিঅ’ টাৱাৰ ভঙা সম্পৰ্কত এক জাননী জাৰি কৰিছে ৷ উল্লেখযোগ্য যে প্ৰতিবাদী কৃষকৰ সমৰ্থক সকলে ৰাজ্যখনত থকা প্ৰায় ১৫০০ মোবাইল টাৱাৰ ভাঙি চূৰমাৰ কৰাৰ ওপৰিও ৰিলায়েন্সৰ মালিকানাধীন ষ্টৰসমূহ বলপূৰ্বকভাৱে বন্ধ কৰি ৰাখিছে ৷ ৰিলায়েন্স জিঅ’ ইনফক’ম লিমিটেডে কোম্পানীটোৰ ব্যৱসায় ধ্বংস কৰা লোকসকলক দুৰ্বৃত্ত আখ্যা দি ইয়াৰ এক তদন্তৰ দাবী কৰিছে ৷

কোম্পানীৰ এই অভিযোগৰ ভিত্তিত অমৰিন্দৰ সিং চৰকাৰক এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীক বিচাৰি ওলিওৱাৰ নিৰ্দেশ দিছে ৷ ৰিলায়েন্স জিঅ’ই কালিৰ দিনটোত ৰাজ্যখনৰ ম’বাইল টাৱাৰসমূহ উদ্দেশ্য প্ৰণোদিত ভাৱে ভাঙি পেলোৱা বুলি উল্লেখ কৰি এক গোচৰ তৰিছিল ৷ ব্যক্তিগত তথা ৰাজহুৱা সম্পত্তি ধ্বংসৰ কৰাৰ অপৰাধত কঠোৰ শাস্তি প্ৰদানৰ দাবী উঠিছে বিজেপিৰ ফালৰপৰা ৷ আনহাতে,পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙেও প্ৰতিবাদী সকলৰ লগতে তেওঁলোকৰ সমৰ্থক সকলক এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছিল ৷