বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / নতুন সংসদ ভৱন হ’ব

নতুন সংসদ ভৱন হ’ব

সকলো নীতি নিৰ্দেশনা মানি নিৰ্মাণ কৰিব লাগিব

নতুন দিল্লী,৫ জানুৱাৰী : আজি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ  ভিষ্টা প্ৰজেক্টৰ নিৰ্মাণকাৰ্যত অনুমোদন জনায় ৷ ইয়াৰ লগে লগেই প্ৰধানমন্ত্ৰী মোডীৰ ২০ হাজাৰ কোটি টকীয়া ভিষ্টা প্ৰজেক্টে পৰিৱেশ মন্ত্ৰালয়ৰ পৰাও সেউজ সংকেত লাভ কৰাতো নিশ্চিত হৈ পৰে ৷

অৱশ্যে এই প্ৰজেক্ট নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ হ’বলগীয়া সামগ্ৰী সমূহ পৰিৱেশ অনুকূল হ’ব লাগিব আৰু ভিতৰৰ পৰিৱেশ নিৰ্মল কৰি ৰখাৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰিব লাগিব ৷ এই ভিষ্টা প্ৰজেক্টটো কোনো কাৰণতেই ৰাজহুৱা ধনৰ অপচয় নহয় বৰঞ্চ ই ভাড়াৰ নামত প্ৰায় ১হাজাৰ কোটি টকা প্ৰতি বছৰেই সঞ্চয় কৰিবহে পৰা যাব বুলি উল্লেখ কৰিছে চৰকাৰী সূত্ৰই ৷ এই ভিষ্টা প্ৰজেক্টটোত প্ৰধানমন্ত্ৰীৰ বাসভৱন ,উপৰাষ্ট্ৰপতিৰ বাসভৱন,সংসদ ভৱন আৰু ১০ টা চৰকাৰী বিভিন্ন বিভাগৰ প্ৰশাসনিক ভৱন থাকিব ৷