বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / হিউৱেনছাঙৰ তথ্য পুনৰ সঁচা হ’ল

হিউৱেনছাঙৰ তথ্য পুনৰ সঁচা হ’ল

সুউচ্চ শৃংগত ওলাল মহাজানপন্থীৰ মঠ

পাটনা,৫ জানুৱাৰী : বিহাৰ হেৰিটেজ ডেভলপমেণ্ট চ’ছাইটি আৰু কলকাতাৰ  শান্তি নিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অধীনত চলোৱা এক খনন কাৰ্যত বিহাৰৰ লক্ষীচৰাইত এটা প্ৰাচীন বৌদ্ধ মঠ উদ্ধাৰ হৈছে ৷ গংগা উপত্যকাৰ পাহাৰৰ ওপৰত উদ্ধাৰ হোৱা এই খনন কাৰ্যত বিহাৰৰ কলা আৰু সংস্কৃতি বিভাগক বিহাৰ হেৰিটেজ  ডেভলপমেণ্ট চ’ছাইটিয়ে প্ৰতিনিধিত্ব কৰিছে ৷ পাহাৰৰ সুউচ্চ শিখৰত উদ্ধাৰ হোৱা এই মঠটো মহাজান পন্থী বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ মঠ বুলি ধাৰণা কৰা হৈছে ৷ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অধ্যাপক অনিল কুমাৰে কয়“এই অঞ্চলত এতিয়ালৈকে বহু কেইটা মঠ উদ্ধাৰ হৈছে যদিও পাহাৰৰ ওপৰত উদ্ধাৰ হোৱা এইটোৱে প্ৰথম মহাজানপন্থীৰ মঠ৷ধাৰণা কৰা হৈছে যে মানুহৰ কোলাহলৰ পৰা আঁতৰি বৌদ্ধ ধৰ্মৰ নীতি নিয়ম পালন কৰাৰ উদ্দেশ্যে এই মঠটো পাহাৰৰ ওপৰত নিৰ্মাণ কৰা হৈছিল ৷

এইটো  এটা বৌদ্ধ বিহাৰ ৷ইয়াত দুটা মূৰ্তি সদৃশ সামগ্ৰী উদ্ধাৰ হৈছে ৷ এইটো এটা বৌদ্ধ ভিক্ষু সমৱেত হোৱাৰ স্থান বুলিও ধাৰণা কৰিব পাৰি”-এনেদৰে কয় অনিল কুমাৰে৷ অধ্যাপক গৰাকীয়ে লগতে কয় “ পাহাৰৰ ওপৰত এই মঠ উদ্ধাৰৰ পিছতেই চীনা পৰিব্ৰাজক হিউৱেনছাঙে লিখা কথাখিনি সত্য প্ৰমাণিত হ’ল৷চীনা পৰিব্ৰাজকগৰাকীয়ে লিখিছিল যে এই অঞ্চলত বহুতো বৌদ্ধ মঠ আছে আৰু বুদ্ধদেৱে নিজেই ইয়াত বহু সময় অকলশৰীয়াকৈ পাৰ কৰিছিল ৷ সেই টোকাৰ পৰাই এই কথা অনুমান কৰিব পাৰি যে বুদ্ধদেৱে হয়তো সেই পাহাৰৰ সুউচ্চ স্থানত তপস্যা কৰিছিল”-এনেদৰে কয় কুমাৰে৷ এই অঞ্চলটোক ক্ৰিমিলা বুলি জনা যায় ৷ পাল বংশৰ ৰজা সকলে এই অঞ্চলক বাণিজ্যৰ ঘাটি হিচাপে গঢ়ি তুলিছিল ৷ ইফালে এই উদ্ধাৰ হোৱা বৌদ্ধ মঠটো প্ৰতিকূল বতৰৰ বাবে যাতে পুনৰ ধ্বংসৰ গৰাহত নপৰে তাৰ বাবে অস্থায়ী এখন ছাদ তৈয়াৰ কৰাৰ সিন্ধান্ত লৈছে বিহাৰ চৰকাৰে ৷ উদ্ধাৰ হোৱা মঠটোলৈ যাবলৈ এক পাহাৰীয়া পথো নিৰ্মাণ কৰাৰ সিন্ধান্ত লৈছে চৰকাৰখনে ৷