দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / চৰকাৰৰ অন্যায়ৰ প্ৰতীক অখিল !

চৰকাৰৰ অন্যায়ৰ প্ৰতীক অখিল !

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব অখিল গগৈয়ে

চৰাইদেউ, ৬ জানুৱাৰী : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগন্তুক নিৰ্বাচনত যিটো সমষ্টিৰপৰাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব তাৰপৰাই কৃষক নেতা অখিল গগৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব”-এই গুৰুত্বপূৰ্ণ মন্তব্য ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিৰ। মৰাণত অনুষ্ঠিত হ’বলগীয়া ৰাইজৰ দলৰ জাতীয় ৰাজনৈতিক অভিৱৰ্তনস্থলীত উপস্থিত হৈ এই মন্তব্য কৰিছে কমল কুমাৰ মেধিয়ে। আমাৰ লগত হোৱা এক সাক্ষাৎকাৰত ৰাইজৰ দলৰ নেতা গৰাকীয়ে কয়, “অখিল গগৈক চৰকাৰে চক্ৰান্তমূলকভাৱে কাৰাগাৰত আৱদ্ধ কৰি ৰাখিছে।

কৃষক নেতা গৰাকীলৈ ভয় কৰিয়েই যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে  এই নিকৃষ্ট ষড়যন্ত্ৰ কৰিছে সেই কথা এতিয়া সকলোৱে বুজি পাইছে। সেয়েহে গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা বিজেপি দলৰ চৰকাৰখনক আগন্তুক নিৰ্বাচনত উফৰাই পেলোৱাটো অতি প্ৰয়োজন ৷” আনহাতে, কমল কুমাৰ মেধিয়ে কয “আইনৰ ভয় দেখুৱাই চৰকাৰে ৰাইজৰ কণ্ঠৰোধ কৰিছে যদিও আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ পাব বিজেপিয়ে।

ৰাইজ কাৰ লগত আছে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত নে কৃষক নেতা অখিল গগৈৰ লগত আছে নিৰ্বাচনত প্ৰমাণ হ’ব। সেয়ে কৃষক নেতা গৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব। ৰাইজৰ দলৰ পৰাও এই সিদ্ধান্ত লোৱা হৈছে৷” মন কৰিবলগীয়া যে, ইটোৰ পিছত সিটো গোচৰ জাপি দি বাৰে বাৰে অখিল গগৈক কাৰাগাৰতে আৱদ্ধ কৰি ৰাখিছে চৰকাৰে। যাৰ ফলত এতিয়া অসম আৰু অসমীয়াক ভালপোৱা প্ৰতিজন স্বাভিমানী অসমীয়াই অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।