বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / দেৰিকৈ হ’লেও সাৰ পাইছে কংগ্ৰেছ

দেৰিকৈ হ’লেও সাৰ পাইছে কংগ্ৰেছ

পাঁচখন ৰাজ্যত জ্যেষ্ঠ পৰ্যবেক্ষক নিযুক্ত

নতুন দিল্লী,৬ জানুৱাৰী : অনাগত চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰধান বিৰোধী দল কংগ্ৰেছে আজি ৰাজ্য কেইখনত পৰ্যবেক্ষক নিযুক্তি দিছে ৷ আজি ৰাজ্যসভাৰ সাংসদ তথা দলটোৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল স্বাক্ষৰিত এক নিৰ্দেশত উল্লেখ কৰে এনেদৰে“দলৰ সভাপতিৰ নিৰ্দেশ মৰ্মে আজি চলিত বৰ্ষত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চাৰিখনৰ লগতে কেন্দ্ৰীয় শাসিত পুডুচেৰীৰ বাবে জ্যেষ্ঠ পৰ্যবেক্ষক নিয়োগ কৰা হৈছে ৷ এ আই চি চিৰ সাধাৰণ সম্পাদকৰ লগত সহযোগিতা ৰক্ষা কৰি তেওঁলোকে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিজৰ নিজৰ দায়িত্বভাৰ চম্ভালি ল’ব বুলি আশা কৰা হৈছে ৷”

উল্লেখযোগ্য যে অসম,পশ্চিমবংগ,কেৰালা,তামিলনাডু আৰু পডুচেৰীত এই বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ ভাগেল,কংগ্ৰেছৰ সাধাৰণ সম্পাদক মুকুল ৱাচনিক,বিহাৰৰ কাডৱা সমষ্টিৰ বিধায়ক চাকিল আহমেদ খানক অসমৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷ এই নিযুক্তিৰ পিছত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভাগেলে কয়“মই এই দায়িত্ব লাভ কৰি অত্যন্ত সুখী আৰু কংগ্ৰেছ সভানেত্ৰীক মোক এই দায়িত্ব ন্যস্ত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷” আনহাতে,ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট,গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লুইজিন’ ফালেৰিঅ’,কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী জি পৰমেশ্বৰক কেৰালাৰ জ্যেষ্ঠ পৰ্যবেক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷

তামিলনাডুত কংগ্ৰেছ দলত ইতিমধ্যে ব্যাপক সালসলনি কৰা হৈছে ৷ কেন্দ্ৰীয় শাসিত অঞ্চল পুুুডুুছেৰীত কংগ্ৰেছ দলৰে চৰকাৰ আছে আৰু তাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰাপ্পা মৈলী ,প্ৰাক্তন মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী পালম ৰাজু,মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী নীতিন ৰাৱতক জ্যেষ্ঠ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ৷ আনহাতে,পশ্চিমবংগত বি কে হৰিপ্ৰসাদ,ঝাৰখাণ্ডৰ বিধায়ক আলমগীৰ আলম,পঞ্জাৱৰ শিক্ষামন্ত্ৰী বিজয় ইন্দৰ সিংলাক জ্যেষ্ঠ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ৷