মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / সুশান্তৰ গোচৰ চলিয়েই আছে !

সুশান্তৰ গোচৰ চলিয়েই আছে !

ৰিয়াৰ গোচৰৰ ভিত্তিত উপস্থিত হৈছেহি অধিবক্তা

মুম্বাই,৬ জানুৱাৰী : ২০২০ চনৰ ১৪ জুনত ‘আত্মহত্যা’ কৰা বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু ,আত্মহত্যা নে হত্যা তাক লৈ সমগ্ৰ দেশ তোলপাৰ লাগিছিল ৷ তেওঁৰ মৃত্যুৱে  বলিউডত এক প্ৰকাৰ খলকনি তুলিছিল ৷

অভিনেতাজনক ড্ৰাগছ যোগান ধৰাৰ অপৰাধত তেওঁৰ বান্ধৱী ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰো কৰা হৈছিল ৷ আজি সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ অধিবক্তা বিকাশ সিং মুম্বাইত উপস্থিত হৈছেহি ৷ সুশান্তৰ বান্ধৱী ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্তৰ ভগ্নীৰ ওপৰত আৰোপ কৰা এক গোচৰত অংশ ল’বলৈ অধিবক্তাজন মুম্বাইত উপস্থিত হৈছে ৷