বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / ৰাহুল কিয় বিদেশলৈ গ’ল,বিজেপিৰ টেনচন

ৰাহুল কিয় বিদেশলৈ গ’ল,বিজেপিৰ টেনচন

ৰাহুল গান্ধীৰ ব্যক্তিগত ভ্ৰমণক লৈ নানান গুজৱ

নতুন দিল্লী,৬ জানুৱাৰী : কংগ্ৰেছ দলৰ প্ৰতিষ্ঠা দিৱসৰ দিনা ৰাহুল গান্ধী ব্যক্তিগত এক ভ্ৰমণ কাৰ্যসূচীৰ বাবে দেশৰ বাহিৰত আছিল ৷ সেই কথা দলৰ সাধাৰণ সম্পাদক ৰণদীপ সূৰ্যৱালাই প্ৰতিষ্ঠা দিৱসৰ দিনা প্ৰকাশ কৰিছিল ৷“ ৰাহুল গান্ধী খুব কম সময়ৰ বাবে দেশৰ বাহিৰলৈ গৈছে কাৰণ তেওঁৰ আইতাকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে ৷ বিজেপি দলে কাৰোবাৰ ব্যক্তিগত ভ্ৰমণক লৈ মূৰ ঘমোৱাৰ প্ৰয়োজন নাই”-এনেদৰে কৈছিল সূৰ্যৱালাই ৷

আনহাতে দলৰ জ্যেষ্ঠ নেতা গোলাম নৱী আজাদে কয় “আমি ১৩৬ বছৰে দলৰ প্ৰতিষ্ঠা দিৱস পাতি আহিছোঁ ৷ কোনো দিনেই আমি অনুভৱ কৰা নাই সেই সময়ত কোন আছে আমাৰ লগত বা কোন নাই ৷ ”কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালেে কয় “প্ৰতিজন ব্যক্তিৰে নিজৰ ব্যক্তিগত ভ্ৰমণৰ স্বাধীনতা আছে ৷ এইটো কাৰো বিচাৰ্য বিষয় হোৱা অনুচিত ৷” উল্লেখযোগ্য যে ৰাহুল গান্ধীক সদায় আক্ৰমণৰ লক্ষ্য হিচাপে লৈ আহিছে বিজেপিয়ে আৰু প্ৰতিষ্ঠা দিৱসৰ দিনা অনুপস্থিত থকাটোক লৈ নানান কাহিনীৰ অৱতাৰণা কৰিছে ৷