মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / অস্থিৰ হ’ব অসম !

অস্থিৰ হ’ব অসম !

অখিল নোলাল,ভুগিব লাগিব চৰকাৰে ,সকীয়াই দিলে দল সংগঠনে

চৰাইদেউ, ৭ জানুৱাৰী : “যিকোনো ত্যাগৰ বিনিময়ত অখিল গগৈক মুকলি আকাশৰ তললৈ অনা হ’ব। কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব সমগ্ৰ ৰাজ্যত। এইবাৰ অস্থিৰ হৈ পৰিব অসম”- এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰৰ। মৰাণত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনত অংশগ্ৰহণ কৰিবলৈ আহি এনেদৰে মন্তব্য কৰে কৃষক নেতা গৰাকীয়ে।


মন কৰিবলগীয়া যে , কৃষক নেতা অখিল গগৈয়ে আজিও লাভ নকৰিলে জামিন। গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতাগৰাকীৰ জামিন আবেদন খাৰিজ কৰে। NIAৰ প্ৰথমটো গোচৰ অৰ্থাৎ চান্দমাৰি থানাৰ ১৩/১৯ নম্বৰ গোচৰত জামিন আবেদন কৰা হৈছিল যদিও জামিন মঞ্জুৰ নকৰিলে উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ অজিত বৰঠাকুৰ আৰু কে এল চুড়ানাৰ বিচাৰপীঠে অখিল গগৈৰ জামিন সন্দৰ্ভত  চূড়ান্ত ৰায় প্ৰদান কৰি জামিন আবেদন নাকচ কৰে। যোৱা ১৩ অক্টোবৰৰ পৰা ১৭ ডিচেম্বৰলৈকে চলা দীঘলীয়া শুনানিৰ অন্তত আজি এই চুড়ান্ত ৰায়দান দিলে উচ্চ ন্যায়ালয়ে।
ন্যায়ালয়ৰ এই ৰায়ৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে চৰকাৰৰ হস্তক্ষেপতেই অখিল গগৈয়ে মুক্তি লাভ কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় “ন্যায়পালিকাৰ প্ৰতি কৃষক মুক্তিৰ আস্থা আছে। এইবাৰ উচ্চতম ন্যায়ালয়ত  অখিল গগৈৰ জামিন আবেদন কৰা হ’ব”।


উল্লেখ্য যে, কা-বিৰোধী আন্দোলনৰ সময়তে ৰাজ্যৰ কেইবাখনো থানাত অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। তাৰে দুটা গোচৰ NIA ই তদন্তৰ বাবে লৈছিল। ইয়াৰ ভিতৰত অখিল গগৈৰ  বিৰুদ্ধে চাবুৱা থানাত ৬ টা, ডিব্ৰুগড়ত ১ টা, গৌৰীসাগৰ থানাত ১ টা, শিৱসাগৰ থানাত ১ টা, টিয়ক থানাত ১টা, যোৰহাট থানাত এটা আৰু ক্ৰাইম ব্ৰাঞ্চত এটা আৰু চান্দমাৰি থানাত ১ টা গোচৰ ৰুজু হৈছিল। এই গোচৰ সমূহৰ ভিতৰত চান্দমাৰী থানাৰ গোচৰটোৰ বাদে আটাইকেইটাতে জামিন লাভ কৰে অখিল গগৈয়ে। 


ইফালে অখিল গগৈয়ে আজিও জামিন লাভ নকৰা বিষয়টোত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাই। এই সন্দৰ্ভত এই প্ৰতিবেদকৰ আগত মত প্ৰকাশ কৰি টাইপাৰ কেন্দ্ৰীয় মুখপাত্ৰ নৱদ্বীপ বৰুৱাই অখিল গগৈৰ মুক্তিৰ দাবী জনায় কয়, “কৃষক নেতা অখিল গগৈক বাৰম্বাৰ আইনীৰ জটিল প্ৰক্ৰিয়াত সোমোৱাই কাৰাৰুদ্ধ হৈ থকা বিষয়টো অতি উদ্বেগজনক ৷ গণতন্ত্ৰৰ মূল্যবোধক নস্যাৎ কৰি  বিজেপি চৰকাৰে যি দৰে ফেচিবাদী শাসন ব্যৱস্থাৰে জনসাধাৰণৰ কণ্ঠক বাকৰুদ্ধ কৰাৰ প্ৰয়াস কৰিছে সি অতিকৈ দূৰ্ভাগ্যজনক ৷ দীৰ্ঘদিন ধৰি জননেতা অখিল গগৈক কাৰাগাৰৰ বন্ধ কুঠৰীত ঠেলি শাসনাধিষ্ঠি চৰকাৰখনে একপ্ৰকাৰৰ চৰম নৈৰাজ্যবাদৰ নতুন মাত্ৰাৰ সূচনা কৰিছে ,যি
কি প্ৰকৃতপক্ষে সুস্থ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি অশনি সংকেত ৷”