শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিগ বি’ৰ কণ্ঠৰোধ !

বিগ বি’ৰ কণ্ঠৰোধ !

ক’ভিডৰ সতৰ্কবাণী আঁতৰিব

নতুন দিল্লী,৭ জানুৱাৰী : ক’ভিড সংক্রমণৰ পিছৰ পৰা সমগ্ৰ দেশত  এই মহামাৰী নিয়ন্ত্ৰণৰ বাবে সজাগতা সৃষ্টি কৰাৰ বাবে বিভিন্ন বিজ্ঞাপন বৈদ্যুতিন মাধ্যম,অনাতাঁৰ,ছপা মাধ্যমৰ যোগেদি প্ৰচাৰিত হৈ আহিছে ৷ আনকি জনসাধাৰণৰ মাজত অধিক সজাগতা সৃষ্টি কৰিবলৈ প্ৰায় সকলো সেৱাৰ ফোনৰ কলাৰ টিউনত স্বাস্থ্যবিধি সম্পর্কে সতর্ক কৰি ইয়াৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ নিয়মমূহ বিজ্ঞাপনৰ জড়িয়তে বজাই থকা হৈছে।

সেই সতর্ক বাণীবোৰৰ ভিতৰত এটি বার্তাত শুনা যায় ‘বিগ বি’ অমিতাভ বচ্চনৰ কণ্ঠ। এইবাৰ কলাৰ টিউনৰ পৰা সেই কণ্ঠস্বৰ আঁতৰোৱাৰ বাবে দিল্লী হাইকোর্টত জনস্বার্থ জড়িত  আৱেদন দাখিল কৰা হৈছে। উল্লেখযোগ্য যে ইমান দিনে গৰিষ্ঠসংখ্যক উপভোক্তাই অভিযোগ কৰি আহিছিল যে এই দীঘলীয়া সতৰ্কতামূলক বাৰ্তাৰ বাবে বহু জৰুৰী ফোন কৰাৰ সময়ত অকাৰণতে হাৰাশাস্তি খাবলগা হয় সাধাৰণ গ্রাহকসকল।

ইয়াৰ পৰা সকাহ দিয়াৰ বাবে গ্রাহকসকলৰ কলাৰ টিউন মাজতে বন্ধ কৰাৰ এটি অপচন দিয়ে ট্রাই অর্থাৎ টেলি যোগাযোগ নিয়ন্ত্রক সংস্থাই। তাৰ পিছতো অৱশ্যে ক’ভিড সতর্কবাণী সকলো ফোনতেই উপলব্ধ হৈ আছিল ৷ শেহতীয়াকৈ জনসাধাৰণক সকাহ দিয়াৰ উদ্দেশ্যে এই ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰা হৈছে ৷