বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ভোগালীয়ে হহুঁৱাইছে মৃৎশিল্পীক

ভোগালীয়ে হহুঁৱাইছে মৃৎশিল্পীক

ক’ভিডে কন্দুৱা মৃৎশিল্পীয়ে হাঁহিছে

এই প্ৰতিবেদন অমৰজ্যোতি বৰাৰ ৷ মাজুলী,৭ জানুৱাৰী : নদীদ্বীপ মাজুলীৰ মৃৎ শিল্পৰ বজাৰখনে অসমৰ প্ৰায় এক তৃতীয়াংশ মাটিৰ সামগ্ৰীৰ চাহিদা পূৰণ কৰে । প্ৰধানকৈ মাজুলীৰ শালমৰা আৰু চিনাতলী অঞ্চলৰ কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকসকলে পুৰুষানুক্ৰমে মাটিৰ সামগ্ৰী নিৰ্মাণৰ জৰিয়তে এক নিজস্ব পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে । চাক বা অন্যান্য যান্ত্ৰিক পদ্ধতি ব্যৱহাৰ নকৰাকৈ পূৰণি পদ্ধতিৰে তৈয়াৰ কৰাৰ কাৰণে ইয়াৰ মানদণ্ড যথেষ্ট উন্নত হোৱাৰ ফলত মাজুলীৰ এই মাটিৰ কলহ,টেকেলী,নদিয়া,মলা,মাটিৰ চাকি,দূণৰি,ফুলৰ টাবকে আদি কৰি অন্যান্য মাটিৰ সামগ্ৰী সমূ‌হে যোৰহাট,শিৱসাগৰ,ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা নামনি অসমৰ ধুবুৰীলৈকে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।

বিগত বৰ্ষত কভিড’১৯ সংক্ৰমণৰ কাৰণে ব্যাপক লোকচানৰ সন্মুখীন হোৱা মাজুলীৰ এইসকল মৃৎ শিল্পীৰ মুখত অসমীয়াৰ অতি হেপাঁহৰ ভোগালী বিহুয়ে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে । ভোগালী বিহু উপলক্ষ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ বেপাৰীয়ে মাটিৰ কলহ আৰু টেকেলি বিচৰি মাজুলীত ভিৰ কৰিছেহি , ফলত যথেষ্ট চাহিদা বৃদ্ধি হৈছে কলহৰ , লগতে স্থানীয় বেপাৰীবোৰেও বিহুৰ বজাৰৰ সুযোগত নাৱৰ বুকুত কলহৰ বোজাই দি লুইতৰ বুকুত নামি পৰিছে বজাৰৰ সন্ধানত ।

মাজুলীৰ দক্ষিণ শালমৰাৰ এজন প্ৰখ্যাত মৃৎ শিল্পী নৰেন নাথৰ মতে ” কৰ’ণাই কোঙা কৰা আমাৰ জীৱনলৈ ভোগালী বিহু আশাৰ চাকি হৈ জ্বলিছে । প্ৰায় এবছৰ কাল উৎপাদন বন্ধ হৈ থকা এই বৃহত্তৰ শালমাৰাবাসীৰ উপাৰ্জনৰ একমাত্ৰ পথ মাটিৰ সামগ্ৰীৰ চাহিদা বজাৰত বৃদ্ধি পাইছে  আৰু এইবাৰ ইয়াৰ উচিত মূল্যও লাভ কৰিছোঁ , আকাৰ অনুসৰি প্ৰতিটো কলহৰ মূল্য ৬ ৰ পৰা ১৫ টকা পৰ্যন্ত উঠিছে ৷”

মৃৎ শিল্পৰ লগত জড়িত মাজুলীৰ আন এজন ব্যক্তি দন্দিনাথ শইকীয়াই আমাৰ আগত কয়  “ অসমৰ বজাৰত মৃৎ শিল্পৰ চাহিদা আকৌ বৃদ্ধি হৈছে , বিভিন্ন ঠাইৰ মানুহে হাজাৰ হিচাপত কলহ, মাটি চাকি বিচাৰি আমাৰ লগত কথা পাতিছে , দামো যথেষ্ট ভাল উঠিছে । স্থানীয় বেপাৰীবোৰে ইতিমধ্যে নাৱত কলহ বান্ধি বিভিন্ন ঠাইত বিক্ৰী কৰাৰ বাবে ৰাওনা হৈছে । প্ৰতিঘৰ মানুহে ৫০,০০০ পৰা লাখৰ ঘৰত কলহ আৰু মাটিৰ চাকি বনাইছে আশা ৰাখিছোঁ সকলো ভাৱে কুশলে থাকিলে আমাৰ ভাল দিনবোৰ আকৌ ঘূৰি আহিব ।”