বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / যি হ’ল,হ’ল ভালেই হ’ল …

যি হ’ল,হ’ল ভালেই হ’ল …

মমতাৰ সংগী বৈশালীৰ মতে এচামে দল এৰি যোৱাটো ভালেই হৈছে

কলকাতা,৭ জানুৱাৰী : মমতা বেনাৰ্জী নেতৃত্বাধীনতৃণমূল কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰা বিধায়কসকলক আজি ক্ষুৰধাৰ সমালোচনা কৰে তৃণমূল কংগ্ৰেছৰ আন এগৰাকী বিধায়িকা বৈশালী ডালমিয়াই ৷ উডলেণ্ড চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীক সাক্ষাতৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত যোৱা বৈশালী ডালমিয়াই তেওঁলোকৰ দল ত্যাগ কৰি যোৱা তেওঁৰ প্ৰাক্তন সহযোগী সকলক উদ্দেশ্যি কয়“ মোৰ ওচৰত বহুতবোৰ দলৰ সদস্যৰ বিৰুদ্ধে অভিযোগ আছে ৷

বিধায়ক আৰু সাংসদ সকলক কাম কৰাৰ পৰিবেশ দিয়া নাই ৷ দলৰ ভিতৰত ঐক্য সম্প্ৰীতি বিনষ্ট কৰিছে কিছুসংখ্যকে ৷ ষড়যন্ত্ৰ চলাইছে ৷ মোৰ সমষ্টিৰ অন্তৰ্গত হাওৰাত কোনো ব্যৱসায় গঢ় লৈ উঠিবলৈ দিয়া নাই ৷ এইয়া আৰু সহ্য কৰা নহ’ব৷”ডালমিয়াই পুনৰ কয় “ এটা চাম ওলাই গৈছে,বৰ ভাল হৈছে ৷ তেওঁলোক সুবিধাবাদী ৷ তেওঁলোক ওলাই যোৱাৰ পিছত এতিয়া দলৰ কৰ্মী তথা জ্যেষ্ঠ নেতাসকলে কাম কৰাৰ সুবিধা পাব৷নিজৰ ঘাম আৰু শ্ৰমেৰে গঢ়া দলটো এনেকুৱা এচাম সুবিধাবাদী নেতাৰ কবলত পৰিছিল ৷

তেওঁলোক ওলাই যোৱাটো দলৰ বাবেই শুভলক্ষণ ৷ ”উল্লেখযোগ্য যে বৈশালী ডালমিয়া হ’ল প্ৰাক্তন বিচিচিআইৰ অধ্যক্ষ জগমোহন ডালমিয়াৰ কন্যা৷বিগত বিধানসভা নিৰ্বাচনত তেওঁ বালি সমষ্টিৰ পৰা জয়লাভ কৰিছিল ৷ তৃণমূল কংগ্ৰেছ দলত তেওঁৰ স্পষ্টবাদিতাৰ বাবে সকলোৱে সমীহ কৰে ৷