দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আৰ্হি হিচাপে অসমক লওক !

আৰ্হি হিচাপে অসমক লওক !

সাধাৰণ পোছাক আৰু লাঠিৰে যুঁজাটো সহজ নহয় বুলি ক’লে সৰ্বোচ্চ ন্যায়ালয়ে

নতুন দিল্লী,৮ জানুৱাৰী : বনবিভাগৰ কৰ্মচাৰীসকলে সাধাৰণ পোছাক আৰু সাধাৰণ হাথিয়াৰৰ সহায়ত চোৰাংচিকাৰীৰ বিৰুদ্ধে যুঁজ দিবলগীয়া বিষয়টোত যথেষ্ট আশ্চৰ্য প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ ন্যায়ালয়ে এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি দেশৰ আন ৰাজ্যসমূহকো অসমক এই ক্ষেত্ৰত আদৰ্শ হিচাপে গ্ৰহণ কৰাৰ পৰামৰ্শ প্ৰদান কৰে ৷ উল্লেখযোগ্য যে অসমত বন বিভাগৰ কৰ্মচাৰীক চোৰাংচিকাৰীৰ বিৰুদ্ধে যুঁজিব পৰাকৈ বুলেটপ্ৰুফ জেকেট ইতিমধ্যে প্ৰদান কৰা হৈছে ৷

মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত বহা বিচাৰপীঠত ন্যায়াধীশ বোপান্না আৰু ভি ৰামসুব্ৰমণিয়ামো আছিল ৷ তেওঁলোকে কয় যে বনৰক্ষীসকলে অত্যন্ত প্ৰত্যাহ্বানৰ মাজেৰে সময় পাৰ কৰিবলগীয়া হয় জংঘলৰ মাজত ৷ ইমান বিশাল অৰণ্যৰ মাজত তেওঁলোকে এযোৰ সাধাৰণ পোছাক আৰু এডাল লাখুটি লৈ চোৰাংচিকাৰীৰ পৰা জীৱজন্তুক সুৰক্ষা দিয়াটো সঁচাই ‘বৰ অসহনীয় ৷

’মুখ্য ন্যায়াধীশ গৰাকীয়ে লগতে এইবুলিও কয় যে জংঘলৰ মাজত এজন বনাঞ্চলিক বিষয়াৰ কোনো সহায়ক নাথাকে ৷ আৰক্ষীৰ সহায় ল’বলৈয়ো আৰক্ষী থাকে নগৰাঞ্চলত ৷ উল্লেখযোগ্য যে বনৰীয়া জীৱজন্তুৰ দাঁত,ছাল,গঁড়ৰ খড়্গ আদিৰ বৃহৎ এখন আন্তৰাষ্ট্ৰীয় বজাৰ আছে আৰু তাত এই সামগ্ৰীবোৰ যথেষ্ট মূল্যত বিক্ৰী হয় ৷