বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কৃষকক সংগ দিয়ক !

কৃষকক সংগ দিয়ক !

কৃষকৰ দাবীক সমৰ্থনৰ আহ্বান ৰাহুল-শচীনৰ

নতুন দিল্লী,৮ জানুৱাৰী :  প্ৰতিবাদী কৃষক আৰু চৰকাৰৰ মাজত আজি অনুষ্ঠিত  হ’বলগীয়া অষ্টম লানি বৈঠকৰ প্ৰাকমুহুৰ্তত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটাৰ যোগে দেশৰ জনসাধাৰণক কৃষক সকলৰ প্ৰতিবাদৰ সমৰ্থনত মাত মাতিবলৈ আহ্বান জনাইছে ৷ হিন্দীত লিখা টুইটাৰ বাৰ্তাটোত তেওঁ লিখিছে এনেদৰে“শান্তিপূৰ্ণ প্ৰতিবাদ দেশৰ গণতন্ত্ৰৰ এক অংশ৷আমাৰ দাদা,ভাইটি,ভণ্টিয়ে প্ৰতিবাদ কৰি আছে ৷

সমগ্ৰ দেশ তেওঁলোকৰ লগত ঠিয় দিছে ৷ আপোনালোক সকলোৱে তেওঁলোকৰ সমৰ্থনত মাতক আৰু তেতিয়াহে কৃষকবিৰোধী আইন প্ৰত্যাহাৰ কৰিব পৰা যাব ৷” আনহাতে,ৰাজস্থানৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলটেও  টুইট যোগে বাৰ্তা প্ৰেৰণ কৰিছে এনেদৰে “কেন্দ্ৰীয় চৰকাৰৰ এই তিনিখন কৃষি আইনৰ বিৰোধিতা কৰাতো আমাৰ দায়িত্ব ৷ আমি সকলোৱে কৃষকসকলক এনেদৰে সমৰ্থন জনাব লাগে যাতে মতগৰ্ব্বী বিজেপি চৰকাৰৰ কাণত পৰে ৷”

কৃষকৰ প্ৰতিবাদে আজি ৪৪ দিনত ভৰি দিলে আৰু সাত বাৰ বৈঠকত বহাৰ পিছতো কোনো মীমাংসাত উপনীত হ’ব পৰা নাই দুই পক্ষ ৷” কৃষকসকলে তিনিখন আইন বাতিল কৰাৰ লগতে ন্যুনতম সমৰ্থিত মূল্যৰ ক্ষেত্ৰত গ্যৰাণ্টি বিচাৰিছে আৰু যেতিয়ালৈকে তেওঁলোকৰ দাবী পূৰণ নহয় তেতিয়ালৈকে এই প্ৰতিবাদ চলাই নিবলৈ তেওঁলোক বদ্ধপৰিকৰ ৷ সপ্তমলানি বৈঠক ইতিমধ্যে বিগত ৪ জানুৱাৰীত অমীমাংসিত ভাৱেই অন্ত পৰিছিল ৷