বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / চোৰো ভাড়াত পায় !

চোৰো ভাড়াত পায় !

ভাড়াতীয়া চোৰেৰে ভৰিছে নামতোলা ৷

এই প্ৰতিবেদন অভিজিৎ ভূঞাৰ চৰাইদেউ, ৭ জানুৱাৰী : আন্তঃৰাজ্যিক গাড়ী সৰবৰাহৰ ক’ৰিডৰত পৰিণত হৈছে অসম-নাগালেণ্ড সীমান্তৰ নামতোলা । অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা নামতোলাত চুৰি বাইকসহ দুই বাইক চোৰ আটক । সোণাৰি-নামতোলা পথেদি নাগালেণ্ডত চুৰি বাইক বিক্ৰী কৰিবলৈ আহি আটক হ’ল যোৰহাটৰ দুই যুৱক। যোৰহাট পুলিবৰৰ মহবন্ধা অঞ্চলৰ বিকাশ মিৰ্ধা (১৯) আৰু বাব বিজয় মিৰ্ধা (২০) ই  এ এছ ২৩ এন ১৯৯৩ নম্বৰৰ বুলেট এখন চুৰি কৰি নামতোলা হৈ নাগালেণ্ডত প্ৰবেশ কৰিব বিচাৰোতেই নামতোলা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে অসমৰ এক বৃহৎ বাইক চোৰৰ দলে বিভিন্ন স্থানৰ পৰা বাইক চুৰি কৰি সোণাৰিৰ নামতোলা পথেদি নাগালেণ্ডত  চুৰি বাইক সমূহ বিক্ৰী কৰি আহিছে বিভিন্ন সময়ত। আনহাতে, বাইক চোৰৰ চক্ৰটোৱে দৰিদ্ৰ পৰিয়ালৰ যুৱকক ব্যৱহাৰ কৰি চুৰি বাইক নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বাইক চুৰি কৰি অসম আৰক্ষীৰ তালাচী গেট সমূহ পাৰ কৰোৱাৰ নামত বুজন পৰিমাণৰ ধন দি ব্যৱহাৰ কৰে স্থানীয় কিশোৰ তথা যুৱকসকলক।

এই কৌশল অৱলম্বন কৰিয়েই বিৰাজ আলী নামৰ এটা বাইক চোৰে পাঁচ হাজাৰ টকাৰ বিনিময়ত যোৰহাটৰ দুই যুৱক বিকাশ মিৰ্ধা আৰু বিজয় মিৰ্ধাক ভাড়াতীয়া হিচাপে ব্যৱহাৰ কৰি অসম নাগালেণ্ড সীমান্তৰ গেট পাৰ কৰি নাগালেণ্ডৰ টিজিতলৈ বাইক সৰবৰাহ কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ আজি আৰক্ষীৰ হাতত ধৰা পৰে দুই যুৱক। বাইক চুৰি চক্ৰৰ খলনায়ক বিৰাজ আলীয়ে পাঁচ হাজাৰ টকাৰ প্ৰলোভন দি চুৰি বুলেট সৰবৰাহত লিপ্ত কৰাইছিল দুই যুৱকক।

কিন্তু নামতোলা আৰক্ষীৰ নিয়মীয়া তালাচীত ধৰা পৰে যুৱকদ্বয়। নামতোলা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুণকান্ত কুমাৰে কয় “আৰক্ষীৰ চকুত ধূলি দি মূল অপৰাধীয়ে চুৰি বাহনসমূহ  অসম-নাগালেণ্ড সীমান্তৰ নামতোলা পাৰ কৰিবলৈ হাজিৰা দিয়ে দৰিদ্ৰ পৰিয়ালৰ যুৱকক। কাৰণ নামতোলা অঞ্চল পাৰ কৰিব পাৰিলেই নাগালেণ্ডত প্ৰৱেশ কৰিব পাৰি। বিভিন্ন সময়ত নামতোলাৰ স্থানীয় যুৱকেও সহযোগ কৰে আন্তঃৰাজ্যিক বাহন চুৰি চক্ৰক। ভিতৰুৱা ৰাস্তাৰ মাজেৰে পাৰ হৈ যায় চোৰৰ দল। ফলত কেতিয়াবা আৰক্ষীও বিফল হয় চোৰক কৰায়ত্ত কৰিবলৈ ৷”