দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / পেন – আধাৰ নহ’লে সোণ কিনিব নোৱাৰিব

পেন – আধাৰ নহ’লে সোণ কিনিব নোৱাৰিব

সোণৰ গহনা কিনিবলৈ নিজৰ পেন কাৰ্ড বা আধাৰ কাৰ্ড লাগিব

নতুন দিল্লী,৮ জানুৱাৰীঃ সোণৰ অলংকাৰৰ প্ৰতি বিশ্বৰ আন দেশৰ লগতে ভাৰতীয় মানুহৰ দুৰ্বলতা সৰ্বজনবিদিত ৷ বিশ্বৰ ভিতৰতে ভাৰতে অলংকাৰ নিৰ্মাণৰ বাবে সৰ্বাধিক সোণ আমদানি কৰে ৷ আনহাতে, ভাৰতৰ এক বৃহৎ সংখ্যক লোকে নিজৰ বেআইনী কলা ধন সোণৰ গহনা ইত্যাদি ক্ৰয় কৰি বিনিয়োগ কৰাৰ অভিযোগ প্ৰায়ে শুনা যায় ৷ কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে ৷ ভাৰতৰ কেইবাখনো মহানগৰীৰ প্ৰখ্যাত অলংকাৰ প্ৰস্তুতকাৰী তথা বিক্ৰী কৰা প্ৰতিষ্ঠানে ইতিমধ্যে ২লাখতকৈ কম মূল্যৰ সোণৰ গহনা ক্ৰয় কৰোতেও গ্ৰাহকৰ পৰিচয় পত্ৰ যেনে আধাৰ কাৰ্ড বা পেনকাৰ্ড বিচৰা আৰম্ভ কৰিছে ৷

এই গহনা প্ৰতিষ্ঠানসমূহে এই পদক্ষেপৰ অন্তৰালত আয়কৰ বিভাগক গ্ৰাহকৰ সকলো নথি পত্ৰ যোগান ধৰাৰ  নিৰ্দেশৰ পিছত এনে পদক্ষেপ লবলৈ আৰম্ভ কৰিছে ৷ আনহাতে, আগন্তুক বাজেটত এই নীতিৰ বিষয়ে বিত্তমন্ত্ৰীয়ে অধিক ঘোষণা কৰিব বুলি ধাৰণা কৰা হৈছে তথা গ্ৰাহকৰ পৰিচয় পত্ৰ সঠিকভাৱে আয়কৰ বিভাগক জমা দিবলৈ অসমৰ্থ হোৱা গহনা প্ৰতিষ্ঠানৰ ওপৰত জৰিমনা বিহাৰ ব্যৱস্থা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ গতিকে গহনা প্ৰস্তুতকাৰী তথা বিক্ৰী কৰা প্ৰতিষ্ঠানসমূহে এতিয়াৰে পৰা এই পদক্ষেপ ল’বলৈ আৰম্ভ কৰিছে ৷ এই পদক্ষেপৰ ফলত সাধাৰণ গ্ৰাহকৰ কোনো সমস্যা হোৱাৰ সম্ভাৱনা নাথাকিলেও সোণৰ অলংকাৰ ক্ৰয় কৰি কলা ধন বিনিয়োগ কৰা লোকসকলৰ সমস্যাৰ সৃষ্টি হোৱাটো নিশ্চিত ৷