মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ বৈঠক হ’ব সোমবাৰে

প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ বৈঠক হ’ব সোমবাৰে

মোডী বহিব মুখ্যমন্ত্ৰীসকলৰ লগত

নতুন দিল্লী,৮ জানুৱাৰী : সমগ্ৰ দেশবাসী ক’ভিড প্ৰতিষেধক ল’বৰ বাবে সাজু হৈছে ৷ ইতিমধ্যে ভাৰততে দুটাকৈ ভেকচিন প্ৰস্তুত হৈছে ৷ ক’ভাস্কিন আৰু কভিশ্বিল্ড নামৰ ভেকচিন দুবিধ দেশবাসীক  প্ৰদানৰ আগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ এক বৈঠক অনষ্ঠিত কৰিব ৷

অহা সোমবাৰে এই বৈঠক অনুষ্ঠিত হোৱাৰ কথা৷ ক’ভিড ভেকচিন প্ৰদানৰ সময়ত যাতে কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় আৰু সকলো কাম নিয়াৰিকৈ সম্পন্ন কৰিব পাৰি তাৰ বাবেই এই বৈঠক অনুষ্ঠিত কৰা হৈছে ৷ ইতিমধ্যে দেশত দুটা পৰ্যায়ত ড্ৰাই ৰাণ অনুষ্ঠিত হৈছে ৷ বিগত ২ জানুৱাৰী আৰু আজি দেশৰ বিভিন্ন প্ৰান্তত এই ড্ৰাই ৰাণ অনুষ্ঠিত হৈছে ৷