বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Neighbours  / China  / ভাৰতত বিনিয়োগকাৰীয়ে হাঁহিছে

ভাৰতত বিনিয়োগকাৰীয়ে হাঁহিছে

শ্বেয়াৰ বজাৰত পুনৰ অভিলেখ ভঙ্গ

মুম্বাই, ৮ জানুৱাৰী : বিগত দুমাহত ভাৰতৰ শ্বেয়াৰ বজাৰৰ ক্ৰমাৎ উদ্ধমুখী গতিয়ে বিনিয়োগকাৰীৰ মুখত হাঁহি বিৰিঙাইছে ৷ যি সময়ত দেশৰ আৰ্থিক বিকাশৰ গতি ক’ভিডৰ সংক্ৰমণৰ বাবে প্ৰচুৰ পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল,সেই সময়ত কিন্তু ২০২০ বৰ্ষৰ মে’ মাহৰ পৰাই শ্বেয়াৰ বজাৰত ক্ৰমান্বয়ে উদ্ধমুখী গতি পৰিলক্ষিত হৈছিল ৷

আপাত দৃষ্টিত দেশৰ অৰ্থনৈতিক বিকাশৰ গতিৰ লগত দেশৰ শ্বেয়াৰ বজাৰৰ এই বৈসাদৃশ্য আচৰিত যেন লাগিলেও বিগত ১০০ বছৰত বিশ্বৰ বিভিন্ন প্ৰান্তত এনে উদাহৰণ পূৰ্বতেও দেখা গৈছিল ৷ আজি ছেনচেক্সৰ প্ৰায় ৭০০ পইণ্টৰ উত্থান হয় তথা সূচাংকই ৪৮,৭৮২ অভিলেখ ভঙ্গ কৰে ৷ ছেনচেক্স সূচাংকৰ প্ৰায়বোৰ মুখ্য কোম্পানী যেনে মাৰুতি,বেংক,মহিন্দ্ৰা ইত্যাদিৰ ব্যাপক উত্থান শ্বেয়াৰ বজাৰত আজি পৰিলক্ষিত হয় ৷

শ্বেয়াৰ বজাৰৰ একাংশ বিশেষজ্ঞৰ মতে প্ৰায় ১৫০০-২০০০কোটি টকা কেবল আজিৰ দিনটোত বিদেশী বৃহৎ বিনিয়োগকাৰীয়ে বিনিয়োগ কৰাৰ তথ্য পোৱা গৈছে ৷ উল্লেখযোগ্য যে ক’ভিড মহামাৰীৰ উৎপত্তিস্থল চীন দেশৰ পৰা বৃহৎ সংখ্যক বিদেশী বিনিয়োগকাৰীয়ে নিজৰ পুঁজি বিভিন্ন কাৰকৰ বাবে ইতিমধ্যে ভাৰতত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে ৷ ক’ভিড মহামাৰীৰ ক্ষেত্ৰত চীন দেশৰ চৰকাৰৰ যথেষ্ট পক্ষপাত দুষ্ট পদক্ষেপৰ বাবে বিদেশী বিনিয়ো গকাৰীসকল যথেষ্ট অসন্তুষ্ট হৈছিল ৷

গতিকে চীনৰ শ্বেয়াৰ বজাৰৰ পৰা ভাৰতৰ শ্বেয়াৰ বজাৰত বৃহৎ সংখ্যক বিদেশী পুঁজিৰ আগমনৰ ফলতো বিগত মাহকেইটাত শ্বেয়াৰ বজাৰৰ উত্থানত অৰিহণা যোগাইছে বুলি ধাৰণা কৰা হৈছে ৷ তাৰোপৰি পূৰ্বতে আশংকা কৰা ধৰণে ভাৰতত ক’ভিড মহামাৰীয়ে ভয়ংকৰ ৰপ ধাৰণ কৰিব নোৱাৰিলে ৷ সেইবাবে এক বৃহৎ সংখ্যাৰ লোক এই মহামাৰীত আক্ৰান্ত হোৱা স্বতেও ভাৰতত মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বনিম্ন ৷ গতিকে এনে বিভিন্ন কাৰণৰ বাবে ভাৰতৰ শ্বেয়াৰ বজাৰে বিনিয়োগকাৰীসকলৰ মুখত বিগত মাহ কেইটাত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে ৷