সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / সাত নহয়,সাতশ বাৰতো একেই !

সাত নহয়,সাতশ বাৰতো একেই !

সাত নহয় প্ৰয়োজনত সাতশ বাৰ বহিবলৈ সাজু

নতুন দিল্লী,৮ জানুৱাৰী : “চৰকাৰে যদি আমাক ৭০০ বাৰো বৈঠকলৈ মাতে আমাৰ যোৱাত আপত্তি নাই ৷ কিন্তু আমাৰ দাবী অলপো লৰচৰ নহয়”-আজি চৰকাৰৰ লগত বৈঠকত বহাৰ আগমূহুৰ্তত এনেদৰে কয় ৰাকেশ টিকায়েটে ৷ ৰাকেশ টিকায়েট হ’ল ভাৰতীয় কিষাণ ইউনিয়নৰ মুখ্য মুখপাত্ৰ ৷

আজি আমাৰ বৈঠকৰ মূল বিষয় হ’ব তিনিখন আইন বাতিল কৰা আৰু ন্যুনতম সমৰ্থিত মূল্য সম্পৰ্কত নিশ্চিতিপ্ৰদান ৷ তেওঁ লগতে কয় বাৰে বাৰে মাতি চৰকাৰে ভাবিব নালাগে যে আমাৰ দাবীৰ কিবা পৰিবৰ্তন হ’ব ! ২০২০ চনৰ ২৬ নবেম্বৰৰ পৰা আৰম্ভ কৰা কৃষকৰ প্ৰতিবাদে ইতিমধ্যে ৪৪ দিনত ভৰি দিলে আৰু আজি কৃষক আৰু চৰকাৰৰ মাজত অষ্টমখন বৈঠক অনুষ্ঠিত হৈছে ৷