মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / অখিল -লুৰিণ এক হ’ব !

অখিল -লুৰিণ এক হ’ব !

জাতীয়তাবাদী এক হোৱাৰ ইংগিত দিলে মৰাণৰ অভিবৰ্তনে ৷

এই প্ৰতিবেদন অভিজিৎ ভূঞাৰ,চৰাইদেউ, ৯ জানুৱাৰী : “মিথ্যাচাৰী বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ পতন অনিবাৰ্য। এইবাৰ জাতীয়তাবাদী শক্তি এক হৈ ৰাষ্ট্ৰীয়তাবাদী আৰু সাম্প্ৰদায়িক শক্তিক উফৰাই অসমত এক সুস্থ জাতীয়তাবাদৰ চৰকাৰ গঠন কৰিব”- এই মন্তব্য অসম জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰীৰ।
মৰাণত অনুষ্ঠিত হোৱা নতুন আঞ্চলিক দল ‘ৰাইজৰ দল’ৰ ৰাজ্যিক জাতীয় অভিৱৰ্তনত অংশগ্ৰহণ কৰিবলৈ আহি এই মন্তব্য কৰে চিত্তৰঞ্জন বসুমতাৰীয়ে।
কৃষক নেতা অখিল গগৈক সভাপতি হিচাপে লৈ গঠন কৰা ৰাইজৰ দলক শুভেচ্ছা জনাই অসম জাতীয় পৰিষদৰ নেতা গৰাকীয়ে কয়, “কৃষ্ণৰ জন্ম কাৰাগাৰত হৈছিল। নতুন ৰাজনৈতিক দল ৰাইজৰ দলো অখিল গগৈ কাৰাৰুদ্ধ হৈ থকা সময়তে গঠন কৰা হৈছে। কৃষ্ণ জন্মৰ উদ্দেশ্যই আছিল অপশক্তিক ৰোধ কৰি জনতাক পোহৰৰ বাট দেখুওৱা। ঠিক তেনেকৈয়ে নতুন ৰাজনৈতিক দলবোৰৰো উদ্দেশ্য হ’ল অসমৰ ৰাইজক প্ৰগতিৰ বাট দেখুওৱা। দীৰ্ঘদিন ধৰি ভোগ কৰি অহা শোষণ, লুণ্ঠনৰ পৰা ৰাইজক মুক্ত কৰি স্বাধিকাৰৰ পথ প্ৰশস্ত কৰিবলৈ অসম জাতীয় পৰিষদ, ৰাইজৰ দলৰ গঠন হৈছে। এইবাৰ জাতীয়তা বাদী ভোট এক হৈ ৰাষ্ট্ৰীয়তাবাদী আৰু সাম্প্ৰদায়িক শক্তিক অসমৰ পৰা উফৰাই অসমত এক বিকল্প চৰকাৰ গঠন কৰিব।”
ইফালে দুয়োটা দলে ইতিমধ্যে ৰাইজৰ মাজত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰিবলৈ চেষ্টা চলাই থকাৰ লগতে আগন্তুক নিৰ্বাচনৰ কাৰ্যপন্থা সন্দৰ্ভত পৰিকল্পনা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰি আগন্তুক নিৰ্বাচনত দুয়োটা দলে ঐক্যবদ্ধ হোৱাৰ ইংগিত প্ৰদান কৰে।উল্লেখযোগ্য যে অসম জাতীয় পৰিষদৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ আনহাতে ,ৰাইজৰ দলৰ সভাপতি হিচাপে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক নিৰ্বাচিত কৰা হয় যদিও অখিল গগৈ বৰ্তমান কাৰাগাৰত বন্দী হৈ আছে ৷