সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কৃষকক শান্ত কৰিহে এৰিব কংগ্ৰেছে !

কৃষকক শান্ত কৰিহে এৰিব কংগ্ৰেছে !

ছোনিয়া গান্ধীও বহিল আলোচনাত

নতুন দিল্লী,৯ জানুৱাৰী : প্ৰতিবাদী কৃষকৰ লগত অষ্টমলানি বৈঠক অমীমাংসিত ভাবে অন্ত পৰাৰ পিছত কংগ্ৰেছ দলৰ অন্তৰ্বৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে আজি দলৰ সকলো সাধাৰণ সম্পাদক আৰু প্ৰতিখন ৰাজ্যৰ পৰ্যবেক্ষকৰ লগত এক ভাৰ্চুৱেল আলোচনাত মিলিত হয় ৷

কংগ্ৰেছ দলৰ সাংগঠনিক সম্পাদক কে চি বেণুগোপাল ,উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱট,ৰাজীৱ সাতাৱল,মাণিকম ঠাকুৰ,তাৰিক আনোৱাৰ ,প্ৰিয়ংকা গান্ধী,জীতিন প্ৰসাদ,পৱন বানচাল,ৰাজীৱ শুক্লা,ভক্ত চৰণ দাস,অজয় মাকেন,পি.এল পুনিয়া আদিয়ে এই আলোচনাত অংশগ্ৰহণ কৰে ৷

ইয়াৰ আগতে কালি প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কালি যন্তৰ মন্তৰত প্ৰতিবাদী সাংসদসকলক সাক্ষাৎ কৰি কৃষকসকলৰ প্ৰতিবাদ আৰু দাবী সম্পৰ্কত আলোচনা কৰে ৷ কংগ্ৰেছ দলৰ হৈ কৃষকসকলৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন থকা বুলি তেওঁ সেই আলোচনাত উল্লেখ কৰে ৷ কংগ্ৰেছ দল কৃষকসকলৰ লগত সদায় আছে আৰু থাকিব ৷