বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / খাদী বস্ত্ৰ উপহাৰ দিব চৰকাৰে

খাদী বস্ত্ৰ উপহাৰ দিব চৰকাৰে

মহাত্মা গান্ধীৰ প্ৰতি সন্মান প্ৰদৰ্শনো এক লক্ষ্য

গুৱাহাটী,৯ জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু লগতে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে ৰাজ্য চৰকাৰৰ অধীনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলক খাদী বস্ত্ৰ উপহাৰ হিচাপে প্ৰদানৰ সিন্ধান্ত গ্ৰহণ কৰিছে ৷ এৰী সূতাৰে প্ৰস্তুত কৰা শ্বাৰ্ট,শ্বল,ষ্টল আদি চলিত মাহৰ পৰাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক প্ৰদান কৰা হ’ব ৷

এই উপলক্ষে আয়োজিত এক বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় “চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক এনেদৰে এৰী কাপোৰ উপহাৰ দিয়াৰ প্ৰধান উদ্দেশ্য হৈছে মহাত্মা গান্ধীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ লগতে অসমৰ স্থানীয় শিপিনীক উৎসাহিত কৰা ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ইয়াৰ জৰিয়তে খাদী উদ্যোগটো টনকিয়াল হোৱাৰ ওপৰিও ,এচাম লোকে সংস্থাপনৰ বাট মুকলি কৰিব পাৰিব ৷

প্ৰথম পৰ্যায়ত প্ৰায় ৮০ হেজাৰ শ্বাৰ্টৰ প্ৰয়োজন হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে ৷ খাদী বস্ত্ৰৰ নতুন বিপণি মুকলি কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে খাদী বস্ত্ৰ উদ্যোগ সম্প্ৰসাৰিত হ’লে আমাৰ দেশপ্ৰেমৰ ভাৱ জাগ্ৰত হোৱাৰ লগতে ৰাষ্ট্ৰৰ প্ৰতি দায়িত্ব আৰু প্ৰেম বৃদ্ধি হ’ব ৷