বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ট্ৰাম্পক পাবলৈ @POTUS

ট্ৰাম্পক পাবলৈ @POTUS

টুইটাৰে নিষিদ্ধ কৰিলে ট্ৰাম্পক

ৱাশ্বিংটন,৯ জানুৱাৰী : টুইটাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক টুইটাৰ ব্যৱহাৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত ,ট্ৰাম্পে নিজাকৈ এক মুকলি কৰিছে ৷ সেই অনুসৰি ট্ৰাম্পক এতিয়া তেওঁৰ অনুগামীয়ে @POTOUS ৰ যোগেদি তেওঁৰ লগত যোগাযোগ ৰাখিব পাৰিব ৷ যোৱা বুধবাৰে দেশখনৰ ৰাজধানীত হোৱা এক অভূতপূৰ্ব পৰিৱেশৰ লগতে হিংসাত্মক পৰিস্থিতিৰ বাবে ট্ৰাম্পকেই একপ্ৰকাৰ জগৰীয়া কৰি এই সিন্ধান্ত গ্ৰহণ কৰা হৈছে ৷

সঘনাই টুইটাৰ ব্যৱহাৰ কৰা ট্ৰাম্পৰ মুঠ ৯০ মিলিয়ন অনুৰাগী আছে ৷ উল্লেখযোগ্য যে যোৱা বুধবাৰ জ’ বিদেনক বিজয়ী ঘোষণা কৰিবলৈ কংগ্ৰেছ অনুষ্ঠিত কৰিছিল আৰু সেই কথা মানি ল’বলৈ অস্বীকাৰ কৰি তাত হাজাৰোধিক ট্ৰাম্পৰ অনুগামী সমৱেত হৈছিল ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তাত গুলীচালনা কৰিবলগীয়া হৈছিল আৰু এজন আৰক্ষীকে ধৰি পাঁচ জন লোক নিহত হৈছিল ৷

উল্লেখযোগ্য যে ট্ৰাম্পে আনকি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱৰ সময়তো টুইটাৰ যোগে প্ৰচাৰ চলাইছিল ট্ৰাম্পে আৰু প্ৰতিপক্ষক এই প্লেটফৰ্মতে ক্ষুৰধাৰ সমালোচনা কৰিছিল ৷ টুইটাৰক ৰাষ্ট্ৰপতি গৰাকীৰ একাউণ্ট বন্ধ কৰিবলৈ যথেষ্ট হেঁচা প্ৰয়োগ কৰা হৈছিল যদিও টুইটাৰ কৰ্তৃপক্ষই সাময়িকভাবে তেওঁক নিষিদ্ধ কৰিছিল যদিও আজি স্থায়ীভাৱে তেওঁৰ একাউণ্টৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৷

অৱশ্যে ট্ৰাম্পে তেওঁৰ নতুন প্লেটফৰ্মৰ জৰিয়তে “আমি মনে মনে নাথাকোঁ” বুলি উল্লেখ কৰি তেওঁৰ অনুগামীসকলক নতুন প্লেটফৰ্মটো ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰিছে ৷