বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / নামতহে তদন্ত

নামতহে তদন্ত

জুৰীয়া উন্নয়ন খণ্ডত পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ তিনিজনীয়া তদন্তকাৰী দল

নগাঁও, ৯ জানুৱাৰী : নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বহু কেইটা গাঁও পঞ্চায়তকে ধৰি জিলাখনত ৰূপায়ণ হোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেতবোৰ আঁঁচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে আজি ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা উচ্চ পৰ্যায়ৰ তদন্তকাৰী দল উন্নয়ন খণ্ডটোত উপস্থিত হয়হি। দলটোত আছিল বিভাগটোৰ যুটীয়া সচিব মৃগাংক চৌধুৰী, উপ-সঞ্চালক(কাৰিকৰী) মনোজ ঠাকুৰীয়া, জ্যেষ্ঠ ৰাজ্যিক প্ৰকল্প বিষয়া অভিজিত মিশ্ৰ।

এই তিনিজনীয়া দলটো গুৱাহাটীৰ পৰা পোনে পোনে আহি উন্নয়ন খণ্ডটোৰ অন্তৰ্গত মাহগুৰি গাঁও পঞ্চায়ত কাৰ্যালয়ত উপস্থিত হৈ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ৰূপায়ণ হোৱা আঁচনিৰ নথি পত্ৰ সমূহ পৰীক্ষা কৰাৰ লগতে কেবাটাও আঁচনিৰ চৰজমিন অনুসন্ধান কৰে। ইয়াৰ পিছত তদন্তকাৰী দলটো কছাৰীগাঁও গাঁও পঞ্চায়ত কাৰ্যালয়ত উপস্থিত হৈ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ৰূপায়ণ হোৱা কাম-কাজ সমূহৰ নথি পত্ৰসমূহ পৰীক্ষা কৰে।

মনকৰিবলগীয়া বিষয় এই যে, ধিং আৰু ৰূপহীহাট সমষ্টিৰ ২২টা গাঁও পঞ্চায়তৰে গঠিত জুৰীয়া উন্নয়ন খণ্ড এলেকাৰ নিৰ্দিষ্ট কেইটামান গাঁও পঞ্চায়তত বিগত তিনিটা বৰ্ষত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত প্ৰতিটো পঞ্চায়তলৈ আৱন্টিত প্ৰায় ১ কোটি টকাৰ বিভিন্ন আঁঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজে ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক লিখিত ভাবে জনাইছে। তদুপৰি, এই সন্দৰ্ভত সময়ে সময়ে সংবাদ মাধ্যমতো ধাৰাবাহিক ভাৱে বা-বাতৰিও পৰিৱেশিত হৈ আহিছে।

ইয়াৰ ভিতৰত সৰ্বাধিক দুৰ্নীতি-অনিয়মৰ অভিযোগ উত্থাপন হোৱা গাঁও পঞ্চায়ত কেইটা হৈছে সুতিৰপাৰ গাঁও পঞ্চায়ত, সোনাইবেৰা-শিমলুআটি গাঁও পঞ্চায়ত, বগৰীগুৰি গাঁও পঞ্চায়ত, মেলেকাডিং গাঁও পঞ্চায়ত, পৰমাইভেটি- মুকন্দআটি গাঁও পঞ্চায়ত, দগাঁও-ধিং গাঁও পঞ্চায়ত আদি। উক্ত পঞ্চায়ত সমূহত বিভিন্ন আঁঁচনি সমূহত হোৱা ব্যাপক দুৰ্নীতি সন্দৰ্ভত বিভাগীয় উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে বুলি দাবী উত্থাপন হৈ আহিছিল।

কিন্তু অতি ৰহস্যজনক ভাবে আজি জুৰীয়ালৈ অহা তিনিজনীয়া দলটোৱে উল্লেখিত পঞ্চায়ত সমূহৰ কোনো এটা পঞ্চায়তত তদন্ত নকৰি দুই / তিনিখন মান নিৰ্দিষ্ট পঞ্চায়ত বাচি লোৱা কাৰ্য ৰহস্যজনক বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে। এই ক্ষেত্ৰত গোপন বুজাবুজি সংঘটিত হ’ব পাৰে বুলিও ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

ইপিনে উন্নয়ন খণ্ডৰ এটা চক্ৰই তদন্তকাৰী দলটোক মেনেজ কৰাৰ বাবে ইতিমধ্যে প্ৰতিখন পঞ্চায়তৰ সভাপতি-সচিবৰ পৰা ব্যাপক পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। উল্লেখ্য  এই তদন্তকাৰী দলটোৱে জিলাখনৰ ৰূপহীহাট উন্নয়ন খণ্ডত অহা ১১ জানুৱাৰীত একে বিত্তীয় আয়োগৰ অধীনত ৰূপায়ণ হোৱা বিভিন্ন আঁঁচনিত সম্পৰ্কত তদন্ত চলাব বুলি জানিব পৰা গৈছে ।