সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Bihar  / বিহাৰত এতিয়া ‘ৰোৱা’ আৰু ‘চোৱা’

বিহাৰত এতিয়া ‘ৰোৱা’ আৰু ‘চোৱা’

মন্ত্ৰীসভা সম্প্ৰসাৰণ গেঠেলা মাৰিছে বিহাৰত

পাটনা,৯জানুৱাৰী : অৰুণাচলৰ ৬ জন জনতা দল ইউনাইটেডৰ বিধায়কে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছতো দল দুটাৰ মাজত কোনো মতপাৰ্থক্য নাই বুলিয়েই ভবাৰ থল আছে যদিও কিন্তু বিহাৰত মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়টো আহিলেই সমস্যাৰ সন্মুখীন হয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ৷ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়টো বিলম্ব হোৱাৰ কাৰণ সম্পৰ্কে উল্লেখ কৰি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিৰ প্ৰতিহে আঙুলি টোঁৱাইছে ৷ বিজেপিৰ বিহাৰ শাখাৰ নেতৃত্বত এটা দলে অলপতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰিছিল আৰু বহুতেই আশা কৰিছিল যে এই আলোচনাত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়টোৱে স্থান লাভ কৰিছে ৷ কিন্তু নীতিশ কুমাৰে তেনেধৰণৰ কোনো আলোচনাই স্থান লাভ কৰা নাই বুলি স্পষ্ট কৰি দিয়ে ৷ অৱশ্যে বিজেপিৰ বিহাৰ শাখাৰ মুখপাত্ৰ প্ৰেম ৰঞ্জন পেটেলে কয় যে ৰাজ্যিক বিজেপি আৰু কেন্দ্ৰীয় নেতৃত্বই খুব সোনকালেই নীতিশ কুমাৰৰ লগত মন্ত্ৰীসভা সম্প্ৰসাৰণ সম্পৰ্কত আলোচনাত মিলিত হ’ব ৷ আনহাতে, ৰাষ্ট্ৰীয় জনতা দলৰ মুখপাত্ৰ মৃতুঞ্জয় তিৱাৰীয়ে কয়“ দুয়োটা দল মিলি আছে কেৱল ক্ষমতাৰ আশাত ৷ কিন্তু এনেদৰে পলম হৈ থাকিলে অনাগত পাঁচবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাত অসুবিধা হ’ব ৷ ”মুঠ কথাত শাসকেই হওক বা বিৰোধীয়ে হওক সকলোৱে এতিয়া নীতিশ কুমাৰৰ চৰকাৰ কিমান দিন বৰ্তি থাকিব পাৰে তাক ‘কেৱল ৰৈ চাই আছে’ যাক ‘ৱেইট এণ্ড ৱাটচ’বুলি ক’ব পাৰি ৷