সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / কাইলৈ নাড্ডা আহিব

কাইলৈ নাড্ডা আহিব

আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব নিৰ্বাচনী প্ৰচাৰ

গুৱাহাটী,১০জানুৱাৰী : বিজেপি সভাপতি জে পি নাড্ডাই কাইলৈ শিলচৰত অনাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰণদুন্দুভি বজাব ৷ কাইলৈ শিলচৰত উপস্থিত হ’বলগীয়া ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি নাড্ডা দুদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ আহিব ৷ সভাপতি গৰাকীয়ে এক ‘বিজয় সংকল্প সমাৰোহ’ত অংশ ল’ব ৷ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস আৰু দলৰ অন্যান্য শীৰ্ষস্থানীয় নেতাই এই সমাৰোহত অংশ ল’ব ৷

“সভাপতি নাড্ডাৰ লগতে এই অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক বি এল সন্তোষ,ৰাষ্ট্ৰীয় উপ সভাপতি বৈজয়ন্ত জয় পাণ্ডায়ো  অংশগ্ৰহণ কৰিব”-এনেদৰে কয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে ৷ গুৰুত্বপূৰ্ণ বিষয় এইয়ে যে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিলচৰৰপৰাই আৰম্ভ কৰিছিল ৷ সোমবাৰে আবেলিৰ ভাগত সভাপতি গৰাকী আহি গুৱাহাটীত উপস্থিত হ’বহি ৷

গুৱাহাটীত আহি উপস্থিত হৈ তেওঁ দলৰ বিষয়বৱীয়াসকলৰ লগত দলৰ সাংগঠনিক দিশটো পৰ্যালোচনা কৰিব ৷ “গুৱাহাটীত নিশা কটাই পুৱা কামাখ্যা মন্দিৰলৈ ৰাওনা হ’ব ৷ ইয়াৰ পিছতেই তেওঁ দিল্লীলৈ উভতি যাব”-এনেদৰে কয় সভাপতি ৰণজিৎ দাসে ৷

আনহাতে,বিজেপি দলৰ মিত্ৰ দল অসম গণ পৰিষদ আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল (ইউনাইটেড পিপুলচ পাৰ্টি লিবাৰেল)ৰ লগত এই যাত্ৰাত কোনো বৈঠকত অংশ লোৱাৰ আশা নাই বিজেপিৰ সভাপতিগৰাকীৰ ৷