সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কি সমস্যা হৈছে সুধিব মোডীয়ে

কি সমস্যা হৈছে সুধিব মোডীয়ে

মোডীৰ লক্ষ্য এইবাৰ যুৱ ভোটাৰ

নতুন দিল্লী,১০ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা মংগলবাৰে ৰাষ্ট্ৰীয় যুৱ সাংসদ সমাৰোহ উদ্বোধন কৰিব ৷ ১৮ বছৰৰ পৰা ২৫ বছৰৰ বয়সৰ যুৱক যুৱতীসকলৰ মনৰ বতৰা লোৱাই হ’ল এই সমাৰোহৰ প্ৰধান উদ্দেশ্য ৷

মোডীয়ে সেইসকল যুৱক যুৱতীক লক্ষ্য কৰি লৈছে যিসকলে এইবাৰ প্ৰথমবাৰ ভোটদান প্ৰক্ৰিয়াত অংশ ল’ব ৷ এই বয়সৰ যুৱক যুৱতীসকলে কেনে কেৰিয়াৰ নিৰ্বাচন কৰিব বিচাৰে ,তেওঁলোক কি বিষয়ক  লৈ সুখী আৰু কি বিষয়ক লৈ অসুখী সেই বিষয়ে এক ধাৰণা লোৱাটোও প্ৰধানমন্ত্ৰীগৰাকীৰ ইয়াত অংশগ্ৰহণ কৰাৰ আন এক উদ্দেশ্য ৷