সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ড্ৰাগছ ধৰি আমনি পাইছে নামতোলা আৰক্ষীয়ে

ড্ৰাগছ ধৰি আমনি পাইছে নামতোলা আৰক্ষীয়ে

চৰাইদেউৰ অসম-নগালেণ্ড সীমান্তত বুজন পৰিমানৰ ড্ৰাগছ জব্দ

চৰাইদেউ, ১০ জানুৱাৰী : অবৈধ ড্ৰাগছ ব্যৱসায় তথা অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ পৰিণত হৈছে অসম-নগালেণ্ড সীমান্তৰ নামতোলা অঞ্চল। প্ৰতিদিনে ইয়াত সংঘটিত হৈছে বিভিন্ন সমাজ বিৰোধী কাৰ্যকলাপ। শেহতীয়াকৈ তেনে বহু কেইটা ঘটনাই সংঘটিত হৈছে নামতোলাত। অসম-নগালেণ্ড সীমান্তৰ নামতোলাত আৰক্ষীয়ে সমাজবিৰোধী চক্ৰক উৎখাত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইফালে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ পাৰ্শ্বৱৰ্তী নামতোলাত আৰক্ষীয়ে বুজন পৰিমাণৰ মাৰাত্মক ড্ৰাগছ জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ দুই ড্ৰাগছ ব্যৱসায়ী আৰু দুই ড্ৰাগছ সৰবৰাহকাৰী অৰুণাচলী যুৱকক আটক কৰে।

উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলা অঞ্চলত চলি থকা নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় আৰু প্ৰচলন ৰোধ কৰিবলৈ চৰাইদেউ জিলা আৰক্ষীয়ে যোৱা কিছুদিন ধৰি  গ্ৰহণ কৰিছে বিশেষ অভিযান।  নামতোলাৰ পৰা ড্ৰাগছ ক্ৰয় কৰি আহি থাকোতে অৰুণাচল কানুবাৰীৰ নাময়ং ৱাংহাম (১৯) আৰু ৰমজিঙ ভিয়েম (১৮) নামৰ দুই যুৱকক  ড্ৰাগছসহ  আটক কৰে । ইফালে অৰুণাচলী যুৱকদ্বয়ে ড্ৰাগছ সমূহ নামতোলা হাতীকেম্প অঞ্চলৰ ড্ৰাগছ ব্যৱসায়ী ক্ৰমে অঞ্জলী লামা আৰু টংক বণিয়াৰ পৰা ক্ৰয় কৰি অনা বুলি স্বীকাৰ কৰাত আৰক্ষীৰ দলটোৱে অঞ্জলী নামৰ মহিলা ড্ৰাগছ ব্যৱসায়ী গৰাকীৰ সৈতে টংকক আটক কৰে ।

সোণাৰি আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত চাৰিজনৰ বিৰুদ্ধে  ভাৰতীয় দণ্ডবিধি আইনৰ ১২১(বি) ২৭/২৯ ধাৰাৰ অধীনত ০১/২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। মন কৰিবলগীয়া যে অবৈধ মদ, ড্ৰাগছ তথা ভাঙৰ বেহা-বেপাৰ তথা আন্তঃৰাজ্যিক চুৰি চক্ৰৰ ঘাটিলৈ পৰ্যবসিত হৈছে সীমান্তৱৰ্তী নামতোলা অঞ্চল। সীমান্তৱৰ্তী অঞ্চলটোত চলা অবৈধ সৰবৰাহৰ বিষয়ে বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশ হৈ থকাৰ পাছতে আজি সোণাৰি-নামতোলা পথৰ টাওকাকস্থিত চিআৰপিএফৰ ছাউনীৰ সমীপত চিআৰপিএফৰ দল এটাই তালাচী চলাই থাকোঁতে নামতোলাৰ পৰা ড্ৰাগছ ক্ৰয় কৰি আহি থাকোঁতে অৰুণাচল কাণুবাৰীৰ দুই যুৱক নাময়ং ৱাংহাম আৰু ৰমজিং ভিয়েমক ড্ৰাগছসহ আটক কৰে।

ইফালে অৰুণাচলী যুৱকদ্বয়ে ড্ৰাগছসমূহ নামতোলা হাতীকেম্প অঞ্চলৰ অঞ্জলী লামা আৰু টংক বনিয়াৰপৰা ক্ৰয় কৰি অনা বুলি স্বীকাৰ কৰাত দুই গৰাকীকে চৰাইদেউ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আনহাতে,এই সন্দৰ্ভত চৰাইদেউ জিলা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই কয়, “চৰাইদেউ জিলাত অব্যাহত থকা অবৈধ ড্ৰাগছ-মদৰ ব্যৱসায় উৎখাত কৰিবলৈ চৰাইদেউ আৰক্ষীয়ে অব্যাহত ৰাখিছে। ৰাইজে এই ক্ষেত্ৰত আৰক্ষীক সহযোগ কৰা দৰকাৰ ৷”