সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মল্লযুদ্ধ চালে কৃষকে

মল্লযুদ্ধ চালে কৃষকে

মনোবল বৃদ্ধি কৰাই লক্ষ্য

নতুন দিল্লী,১০ জানুৱাৰী : বিগত ২৬ নবেম্বৰৰ পৰা আৰম্ভ হোৱা কৃষকৰ প্ৰতিবাদক উৎসাহ যোগাবলৈ ঘাজীপুৰ সীমান্তত আজি মল্লযোদ্ধা সকলে এক মল্লযুদ্ধ  অনুষ্ঠিত কৰে ৷ কৃষকসকলে প্ৰতিকূল বতৰকো নেওচি দীৰ্ঘ দিনে চলাই থকা এই প্ৰতিবাদৰ বাবে মানসিকভাবে যাতে ভাগি নপৰে সেয়ে ‘সংযুক্ত কিষাণ মঞ্চ’ৰ সহযোগত ‘কিষাণ কেশৰী ডংগল’ অনুষ্ঠিত কৰা হয় ৷

এই প্ৰদৰ্শনীমূলক অনুষ্ঠানত ৫০ গৰাকী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে ৷ কৃষকসকলক উৎসাহিত কৰাৰ এই প্ৰদৰ্শনীমূলক অনুষ্ঠান উপভোগ কৰি কৃষকসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ যথেষ্ট উৎফুল্লিত হয় ৷