সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ই- কমাৰ্চ ব্যৱসায়লৈ সকলোৰে চকু

ই- কমাৰ্চ ব্যৱসায়লৈ সকলোৰে চকু

ৰিলায়েন্স -ফিউচাৰ ৰিটেইলৰ বাণিজ্যিক চুক্তিত এমাজন এতিয়াও বাধাৰ প্ৰাচীৰ

নতুন দিল্লী,১১জানুৱাৰীঃ ভাৰতৰ ই-কমাৰ্চৰ লোভনীয় বজাৰখন এফালে ৰিলায়েন্স-ফিউচাৰৰিটেইল যুটীয়ে দখল কৰিবলৈ চেষ্টা কৰিছে ৷ আনহাতে, বিশ্বৰ এক নং ই কমাৰ্চ প্ৰতিষ্ঠান এমাজনেও দখল কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য যে কেইবছৰমানৰ পূৰ্বে এমাজনে ফিউচাৰ গ্ৰুপত এক বুজন সংখ্যক পুঁজি বিনিয়োগ কৰিছিল ৷সেই ভিত্তিতে এতিয়া এমাজনে ৰিলায়েন্স-ফিউচাৰ গ্ৰুপৰ যুটি আইনী প্ৰক্ৰিয়াৰে ৰোধ কৰিবলৈ চেষ্টা কৰিছে ৷

এই পদক্ষেপৰ অংশ স্বৰূপে আজি এমাজন প্ৰতিষ্ঠানে পুনৰ ভাৰতৰ শ্বেয়াৰ বজাৰৰ মুখ্য নিয়ন্ত্ৰণকাৰী প্ৰতিষ্ঠান SEBI ক এক পত্ৰযোগে ৰিলায়েন্সৰ লগত ফিউচাৰ গ্ৰুপৰ কোনো চুক্তি সম্পাদানত প্ৰয়োজনীয় অনুমতি নিদিবলৈ আবেদন জনাইছে ৷ উল্লেখযোগ্য SEBI ভাৰতৰ এক অত্যন্ত প্ৰভাৱশালী নিয়ন্ত্ৰণকাৰী সংস্থা তথা ইয়াৰ অনুমতি অবিহনে শ্বেয়াৰ বজাৰত ইতিমধ্যেই সক্ৰিয় দুই ভিন্ন প্ৰতিষ্ঠানৰ মাজত মালিকীস্বত্ব সালসলনি বিষয়ক কোনো চুক্তি সম্পাদন হ’ব নোৱাৰে ৷

তাৰোপৰি এই দুই প্ৰতিষ্ঠানৰ চুক্তিৰ বিৰোধিতা কৰি ইতিমধ্যেই ছিংগাপুৰৰ আৰ্বিটেছন আদালতত এমাজনে গোচৰ ৰজু কৰিছে ৷ সদ্যহতে বিশ্বৰ ভিতৰতে এক নং ধনী ব্যক্তিৰ তালিকাত এমাজনৰ স্বত্বাধিকাৰী জেফ বুজৰ নাম সন্নিবিষ্ট হৈছে ৷ আনহাতে, ভাৰতৰ এক নং ধনী ব্যক্তিৰ তালিকাত ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ আম্বানিৰ নাম বিগত কেইবা বছৰ ধৰি সন্নিৱিষ্ট হৈ আছে ৷

সেইবাবেই বিশ্বৰ এই দুজন ধনকুবেৰৰ মাজত ভাৰতৰ বিশাল ই কমাৰ্চৰ বজাৰ দখলৰ প্ৰতিযোগিতা এতিয়া অত্যন্ত আকৰ্ষণীয় হৈ পৰিছে ৷ ইতিমধ্যে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাৰম্ভিক ৰায়দান এমাজনৰ বিপক্ষে যোৱা স্বত্বেও প্ৰতিষ্ঠানটোৱে এই ৰায়দানৰ বিপক্ষে কিছুদিন আগত আদালতত আবেদন দাখিল কৰিছে ৷ ইয়াৰ মাজতে আজি পুনৰ SEBIলৈ পত্ৰ লিখি এমাজন যে সহজে হাৰ মানিবলৈ প্ৰস্তুত নহয়,তাক প্ৰতীয়মান কৰিলে ৷