সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / জনতাৰ মতে চলিব,জনতাক দলৰ মতে নচলায় !

জনতাৰ মতে চলিব,জনতাক দলৰ মতে নচলায় !

বিহাৰত নতুন ধৰণে গঢ়িব কংগ্ৰেছক

পাটনা,১১জানুৱাৰী : বিহাৰ কংগ্ৰেছৰ ইনচাৰ্জ ভক্ত চৰণ দাসে বিহাৰত দলটো নতুনকৈ সাংগঠনিক ভাৱে শক্তিশালী কৰা হ’ব বুলি আজি উল্লেখ কৰে ৷ ভক্ত চৰণ দাসে কয়“বিহাৰত কংগ্ৰেছ দলৰ সাংগঠনিক দিশ সম্পূৰ্ণ সলনি হ’ব ৷ আপোনালোক কোনোবাই যদি আমাৰ দলত যোগদান কৰিব বিচাৰে,আপোনালোকক আদৰিবলৈ আমি সাজু ৷ ”দলৰ ইনচাৰ্জ হিচাপে দায়িত্ব লোৱাৰ পিছত কেইবাবাৰো ৰাজ্যখন ভ্ৰমণ কৰা ভক্ত চৰণ দাসে কয় “ যিসকলে আমাৰ দলটো এৰি গুছি গৈছিল আৰু তেওঁলোক যদি পুনৰ আমাৰ দললৈ আহিব খোজে তেন্তে আমি তেওঁলোকক আদৰণি জনাম ৷ ”ৰাজ্যখনত দলটো কেইবাটাও ভাগত বিভক্ত হোৱা বিষয়টো সন্দৰ্ভত তেওঁ কয়“মই প্ৰতিখন জিলা সমিতিৰ সদস্যৰ লগত আলোচনা কৰাৰ পিছতহে তেওঁলোকৰ ক্ষোভবোৰ জানিব পাৰিম ৷ আমি সিন্ধান্ত লৈছোঁ যে আমি জনসাধাৰণৰ মতে সিন্ধান্ত ল’ম,আমাৰ সিন্ধান্ত মতে জনসাধাৰণক নচলাওঁ ৷ ”