বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / প্ৰতিকূল বতৰত তিষ্ঠিব নোৱাৰিলে চীনা

প্ৰতিকূল বতৰত তিষ্ঠিব নোৱাৰিলে চীনা

লাডাখ সীমান্তৰ পৰা চীনা সৈনিক প্ৰত্যাহাৰ

লাডাখ,১১জানুৱাৰীঃ লাডাখ সীমান্তত প্ৰচণ্ড শীতত ভাৰতীয় সেনাৰ প্ৰায় ৫০,০০০সৈনিক সমাবেশৰ বিপৰীতে যোৱা বছৰৰ এপ্ৰিল মাহৰ পৰা চীনা সৈনিকৰ প্ৰায় সমসংখ্যক সৈনিক সম্পূৰ্ণ যুদ্ধৰ প্ৰস্তুতিৰে সমবেত হৈ আছিল ৷ ভাৰতীয় সৈনিক বিগত তিনি দশকত লাডাখতকৈও উচ্চ ছিয়াচেন গ্লেচিয়াৰত প্ৰশিক্ষণপ্ৰাপ্ত হোৱা হেতুকে ভাৰতীয় সৈনিকসকল চীনা সৈনিকসকলৰ তুলনাত লাডাখৰ প্ৰচণ্ড শীতৰ লগত মোকাবিলা কৰিবলৈ শাৰীৰিক ভাৱে বেছি সক্ষম বুলি একাংশ বিশেষজ্ঞই পূৰ্বৰে পৰা মত পোষণ কৰিছিল ৷

এতিয়া এই অনুমান সঁচা প্ৰমাণিত হৈছে ৷ লাডাখৰ প্ৰচণ্ড শীতৰ প্ৰকোপত চীন চৰকাৰে সীমান্তৰ পৰা প্ৰায় ১০,০০০সৈনিক বিগত দিনেইটাত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে ৷ ইয়াৰ তুলনাত ভাৰতে পূৰ্বৰ দৰেই ৫০,০০০সৈনিক এতিয়াও লাডাখ সীমান্তত মোতায়ন কৰি ৰাখিছে ৷ লাডাখৰ দৰে দুৰ্গম তথা উচ্চ অঞ্চলত চীনা সৈনিকৰ শীতকালৰ কোনো অভিজ্ঞতা নাই ৷

তাৰোপৰি ডিচেম্বৰ মাহৰ প্ৰথমৰ পৰাই চীনা সৈনিকৰ লাডাখৰ শীতপ্ৰবাহত অসুস্থ হৈ পৰাৰ বাতৰি ভাৰতীয় চোৰাংচোৱা সূত্ৰসমূহে সংগ্ৰহ কৰিছিল ৷ অৱশেষত আজি ভাৰতীয় সেনাৰ উচ্চস্তৰীয় সূত্ৰই সংবাদ প্ৰতিষ্ঠানক দিয়া বাতৰি অনুসৰি চীনা সৈনিকৰ ১০,০০০এক বৃহৎ দলক লাডাখৰ সীমান্তৰ পৰা প্ৰত্যাহাৰৰ নিশ্চয়তা প্ৰমাণিত হ’ল ৷