সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / বিজেপিৰহে প্ৰচাৰ কৰে জনসংযোগে !

বিজেপিৰহে প্ৰচাৰ কৰে জনসংযোগে !

কংগ্ৰেছৰ কঠোৰ সমালোচনা বিজেপিক

গুৱাহাটী, ১১জানুৱাৰী :  ভাৰতীয় জনতা পাৰ্টিয়ে অসম চৰকাৰৰ অধীনৰ জনসংযোগ বিভাগটোক নিজৰ খেয়াল খুচিমতে ব্যৱহাৰ কৰিছে বুলি অভিযোগ তুলিছে অসম প্ৰদেশ কংগ্ৰেছে ৷ আজি  শিলচৰত দুদিনীয়া ভ্ৰমণসূচী লৈ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে.পি. নাড্ডা উপস্থিত হৈছে ৷ আজিয়েই তেওঁ বিজয় সংকল্প যাত্ৰাৰো উদ্বোধন কৰে ৷

সম্পূৰ্ণ দলীয় কৰ্মীৰ বাবে আয়োজিত অনুষ্ঠানলৈ  সংবাদকৰ্মী সকলক জন-সংযোগ বিভাগৰ বিষয়াই সামাজিক মাধ্যমযোগে নিমন্ত্রণ কৰা বিষয়টো কঠোৰ সমালোচনা কৰিছে কংগ্ৰেছ দলৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে। বিভাগীয় সকলো নীতি নিয়ম ধোঁৱা চাঙত তুলি জন-সংযোগৰ বিষয়াই কাৰ নিৰ্দেশত এনেদৰে শাসকীয় ৰাজনৈতিক দলটোৰ দলীয় সভালৈ সাংবাদিকক নিমন্ত্রণ কৰিলে বুলিও প্ৰশ্ন কৰা হয় কংগ্ৰেছৰ ফালৰ পৰা ৷ 

চৰকাৰৰ শীর্ষ মহলৰ নিৰ্দেশ অবিহনে এনে ধৰণৰ নীতিবৰ্হিভূত কাম কৰিবলৈ এজন বিষয়াই কেতিয়াও সাহস নকৰে। অসম চৰকাৰৰ আঁচনি সমূহ ৰাইজৰ কাষলৈ লৈ যোৱা আৰু প্ৰচাৰ কৰাটোহে জন সংযোগ বিভাগৰ প্ৰধান দায়িত্ব, শাসকীয় দলৰ ৰাজনৈতিক সভালৈ নিমন্ত্রণ কৰটো নহয়। কিন্তু তাৰ পৰিৱর্তে আজিৰ ঘটনাৰ পৰা এটা কথা প্ৰমাণ হ’ল যে জন সংযোগ বিভাগটো বৰ্তমান সোণোৱাল চৰকাৰৰ দিনত বিজেপি দলৰ শাখালৈহে পৰিৱর্তন হৈছে। প্ৰদেশ কংগ্ৰেছে আজিৰ এই ঘটনাৰ এক উচিত তদন্তৰ দাবী কৰিছে ৷ ভৱিষ্যতৰ দিনত যাতে কোনোপধ্যেই জন -সংযোগ বিভাগক বিজেপি দলৰ প্ৰচাৰ শাখালৈ পৰ্যবসিত কৰিবলৈ অপচেষ্টা নকৰে তাৰ বাবে কঠোৰ সকীয়নি প্ৰদান কৰিছে বিৰোধী দল কংগ্ৰেছে ।