মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / মানৱসৃষ্ট অৰণ্যৰ নিৰ্জনতাত মানুহৰ জাক

মানৱসৃষ্ট অৰণ্যৰ নিৰ্জনতাত মানুহৰ জাক

বন পৰ্যটনৰ আদৰ্শ হোৱাৰ দিশে কমলাবাৰী

চৰাইদেউ, ১১ জানুৱাৰী : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বনভোজ খোৱাৰ আনন্দ-উল্লাস। পিছপৰি ৰোৱা নাই ঐতিহ্যমণ্ডিত শিৱসাগৰ। জিলাখনত থকা আহোম ৰাজত্বকালৰ ঐতিহ্য বহনকাৰী স্থানসমূহত পৰ্যটকৰ ভিৰ বৃদ্ধি পোৱাৰ লগে লগে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থলসমূহত বাঢ়িছে বনভোজৰ দলৰ ভিৰ। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ গেলেকীৰ কমলাবাৰীত বিগত কেইটামান দিন ধৰি এক উদুলি মুদলি পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এক অৰ্থত আদর্শ বনভোজথলী ৰূপে প্ৰতিষ্ঠা হৈছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ গেলেকীৰ অসম নগালেণ্ড সীমান্তৰ  কমলাবাৰী নামৰ এক মনোৰম স্থান।
 ক’ভিড ১৯ ৰ বিভীষিকাৰ পাছত  পুৰণি বছৰক বিদায় দি নতুন এটা সম্ভাৱনাময় বছৰক আদৰণি জনাবলৈ তথা প্ৰকৃতিৰ সৈতে নিবিড় ভাবে সময় অতিবাহিত কৰিব বিচৰা সকলে এতিয়া ভিৰ কৰিছেহি এই কমালাবাৰীত।
ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰাই শতাধিক বনভোজ দল আহি আনন্দ স্ফুৰ্তি কৰি লগে ভাগে নাচি বাগি আনন্দেৰে এসাজ খাইছেহি এই কমলাবাৰীত। শিৱসাগৰ জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজ দল আহি কমলা বাৰীৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি আপ্লুত হৈছে।যোৰহাটৰ পৰা অহা বন্দিতা গগৈ নামৰ এগৰাকী যুৱতীয়ে কয়, ‘প্ৰকৃতিৰ সৈতে উমলিবলৈ কমলাবাৰী এক উত্তম স্থান। ৰাজ্যৰ বাহিৰলৈ নোযোৱাকৈ এই স্থানতে প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ সুযোগ লাভ কৰিব পাৰি ৷ ”


মন কৰিবলগীয়া যে নৈসৰ্গিক সৌন্দৰ্যৰ ফালৰ পৰাও কমলাবাৰী অতুলনীয় । অসম নগালেণ্ড সীমান্তৰ পাহাৰৰ শিতানত অৱস্থিত কমলাবাৰীৰ এতিয়া অসমৰ জৈৱ বৈচিত্ৰ্যৰ এক জীৱন্ত সংগ্ৰহালয়।ৰাজ্য চৰকাৰৰ বন বিভাগ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত গৰুপৱন যৌথ বন পৰিচালনা সমিতি গঠন হৈছিল আৰু এই সমিতিৰে নীৰণ গগৈ আৰু কেইজনমান উদ্যমী ব্যক্তিৰ নিৰলস প্রচেষ্টাত কমলাবাৰী এতিয়া এখন মানৱ নিৰ্মিত অৰণ্যলৈ পৰিৱৰ্তিত হৈছে৷ অসম চৰকাৰৰ বনবিভাগৰ ফালৰ পৰা সাহিত্য মণিষী উপবন নামেৰে এখন উপবন স্থাপন কৰিছে কমলাবাৰীত ৷ 


এই সন্দৰ্ভত নীৰণ গগৈয়ে কয়, “কমলাবাৰীত থলুৱা প্ৰজাতিৰ উদ্ভিদ, বিশেষকৈ ঔষধী উদ্ভিদ ৰোপণৰ পৰিকল্পনা কৰা হৈছে। বিলুপ্তিৰ গৰাহত পৰা গছ-লতিকাবোৰো সংৰক্ষণৰ এক পদক্ষেপ গ্ৰহণ কৰা হৈছে। এইক্ষেত্ৰত চৰকাৰেও সহযোগিতা আগবঢ়াইছে ৷”
আনহাতে, শেহতীয়াকৈ কমলাবাৰীত আটক ধুনীয়া শিশু উদ্যান এখনিৰো নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে।  গাৰুপৱন যৌথ বন পৰিচালন সমিতিৰ প্ৰচেষ্টাত কমালাবাৰীত ১০০ বনৌষধীৰ গছ লতিকা সংৰক্ষণ কৰা হৈছে।এই উদ্যান কমলাবাৰীৰ এক অন্যতম আকৰ্ষণ।ইয়াৰ উপৰি কমলাবাৰীত আছে ৫০ হেক্টৰ এলেকাৰ বিশাল তিতাচপা বাগান।প্ৰণালীবদ্ধ ভাবে ১৫০ হেক্টৰ এলেকাত ৰোপণ কৰা হৈছে  বাঁহ  ।লগতে আছে বন্য হস্তীৰ বাবে ৰোপণ কৰা ৩০ হেক্টৰৰ ঔটেঙা বাৰী আৰু ১০০ বিঘাৰ এখন বৃহৎ চোমনি ৷


স্থানীয় সাংবাদিক নবুল কোঁৱৰে কয়, “যি সময়ত হাতী-মানুহৰ সংঘাত বিষয়টোৱে সংবাদ শিৰোনাম দখল কৰি আহিছে নিয়মীয়াকৈ তেনে সময়তে হাতীৰ খাদ্য হিচাপে ঔটেঙা গছ ৰোপণ কৰাটো আদৰণীয় পদক্ষেপ। বিলুপ্তিৰ গৰাহত পৰা মুগা পলুৰ উৎপাদন কৰিব পৰাকৈ যি চোমনি আৰম্ভ কৰা হৈছে তাৰ দ্বাৰা অৰ্থনৈতিক ভাৱেও লাভাম্বিত হ’ব পৰা যাব। চৰকাৰেও এইক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা উচিত৷”
উল্লেখ্য যে, বন পৰ্যটনৰ দিশত পৰিকল্পিত ভাবে আগবাঢ়ি যোৱা কমলাবাৰীয়ে বন সংৰক্ষণৰ মহৎ প্রচেষ্টা গ্ৰহণ কৰিছে আৰু প্ৰকৃতি প্ৰেমী ৰাইজৰ আদৰ আৰু মৰম লাভ কৰি এক বিশাল সম্ভাৱনাময় ভৱিষ্যতৰ দিশে আগুৱাই গৈছে। বন পৰ্যটনৰ দিশত কমলাবাৰীৰ সম্ভাৱনা ক্ৰমাৎ বৃদ্ধি পোৱাৰ পাছত ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে  চৰাই চাবলৈ এটা watch tower আৰু এখনি অতিথিশালা নিৰ্মাণ কৰি আছে।